খেৰণিঃ  বিগত কিছুদিনৰ পৰা পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে তীব্ৰ উত্তেজনা। তাৰ মাজতে বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জেৰিকীণ্ডিঙত সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ।

উল্লেখযোগ্য যে সীমান্তত দুই ৰাজ্যই পৃথকে পৃথকে সীমান্ত আৰক্ষী চকী (BOP) স্থাপনৰ পৰিকল্পনা কৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছিল চেপা  উত্তেজনা। কিন্তু মেঘালয় আৰু কাৰ্বি আংলংবাসী ৰাইজৰ প্ৰবল প্ৰতিবাদৰ সম্মুখীন হোৱাত এতিয়ালৈকে সীমান্তত দুয়োখন ৰাজ্যয়েই সীমান্ত আৰক্ষী চকী (BOP) স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু লক্ষণীয় ভাবে সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অসমৰ সীমাত সীমান্ত উপ-আৰক্ষী চকী আৰু সীমা সমস্যা সমাধান কৰাৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাই প্রতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি জেৰিকীণ্ডিঙত আৰক্ষীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ আজি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

উল্লেখযোগ্য যে যোৱা ১১ জুনত জেৰিকীণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত উমখ্ৰীমি গাঁওত অসম আৰক্ষীৰ এটা সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিছিল পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে। কিন্তু অসমৰ ভূমিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী উঠাই দিবলৈ ওলাই আহিছিল মেঘালয়ৰ ৰাইজ আৰু প্ৰশাসন। সীমা নিৰ্ধাৰণ নোহোৱাকৈ সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিছিল মেঘালয়ৰ ৰাইজে। ফলত পৰৱৰ্তী সময়ত কাৰ্বি আংলংৰ দণ্ডাধীশ, আৰক্ষী, চি আৰ পিয়ে ঘটনাস্থলীত গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত বাধ্যত পৰি কাৰ্বি আংলং প্ৰশাসনে আৰক্ষী চকীটো নিজেই ভাঙি সকলো বয়বস্তু গাড়ীত উঠাই লৈ আনিবলগীয়া পৰিস্থিতি হৈছিল। 

ইয়াৰ পিছতেই কিন্তু জিৰীকিন্দেঙ থানা অন্তৰ্গত পিছিয়াৰ নামৰ গাঁওখনত বাহৰ পাতিছিল আহি মেঘালয় আৰক্ষীয়ে। এক কথাত কবলৈ গলে অবৈধভাৱে সীমান্তৰ পৰা চাৰি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি অসমৰ ভূমিত মেঘালয়ৰ আৰক্ষীয়ে সীমান্ত আৰক্ষী চকী (Boarder Out Post) চমুকৈ বি অ পি স্থাপনৰ চেষ্টা চলাইছিল। অৱশ্যে সীমান্তবাসী ৰাইজৰ ব্যাপক তৎপৰতা আৰু জিৰীকিন্দেঙ আৰক্ষীৰ প্ৰচেষ্টাত পিছিয়াৰৰ পৰা শিবিৰ উঠাই নিবলৈ বাধ্য হৈছিল মেঘালয়ৰ আৰক্ষীয়ে। আৰু তাৰ পিছৰে পৰা পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে এই উত্তেজনা । ইটোৰ পিছত সিটোকৈ ঘটনা সন্দৰ্ভত সাব্যস্ত হৈ আহিছে জিলাখনত প্ৰতিবাদ, দাবী আদিৰ কাৰ্য্যসূচী।