ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ তিনিগৰাকী আৰক্ষীৰ লোকক অসম আৰক্ষীয়ে বিশেষ প্ৰশংসাৰ পদক প্ৰদান কৰাত জিলা খনত কৰ্মৰত আৰক্ষীৰ লোকসকল আনন্দিত হৈ পৰে৷ অসম আৰক্ষীয়ে ২০১৫-১৬ বৰ্ষত উৎকৃষ্ট সেৱাৰ বাবে তিনিগৰাকী আৰক্ষী বিষয়াক প্ৰশংসাৰ পদকেৰে সন্মানিত কৰে৷ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰেৰণ কৰা পদক শুকুৰবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠানত আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদে প্ৰদান কৰে৷

২০১৬ বৰ্ষৰ বাবে খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাক স্বৰ্ণ পদক, জিলা আৰক্ষী বিষয়া কাৰ্যালয়ৰ আৰ এছ আই মনোজ কুমাৰ দাসক ৰূপৰ পদক আৰু ২০১৫ বৰ্ষৰ বাবে বৰ্তমান ডিফু নগৰ আৰক্ষী চকীত কৰ্তব্যৰত সহকাৰী উপ-পৰিদৰ্শক আবুল ফাৰুকক ৰূপৰ পদকেৰে সন্মানিত কৰে অসম আৰক্ষীয়ে৷ একোখনকৈ প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী অধীক্ষকে৷ তেওঁলোকক নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে এই প্ৰশংসা পদক প্ৰদান কৰা হয়৷

জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে বিষয়া তিনিগৰাকীয়ে লাভ কৰা এনে প্ৰশংসামূলক পদকে আন বিষয়া সকলকো অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰাৰ লগতে আৰক্ষীৰ ক্ষেত্ৰখনত নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰাজনেই অসম আৰক্ষীৰ অমূল্য সম্পদ বুলি কয়৷ সম্বাৰ্ধনা অনুষ্ঠানত ক্ৰমে বোকাজান মহকুমা আৰক্ষী বিষয়া আইপিএছ পুষ্পৰাজ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) সুৰেণ মুছাহাৰী, উপ আৰক্ষী অধীক্ষক (মুখ্য) এন চিংচং, উপ আৰক্ষী অধীক্ষক (বিশেষ শাখা) মোজাফৰ হুছেইন আৰু জিলাখনৰ প্ৰতিখন আৰক্ষী থানা আৰু চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে৷