বোকাজানঃ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ প্ৰৱেশ কৰা প্ৰতিটো প্ৰবেশ পথত স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ একোখনকৈ এন্ট্ৰি টেক্স গেট আছে আৰু এই গেটসমূহ এবছৰৰ বাবে কৰ সংগ্ৰহ কৰিবলৈ নিবিদাৰ আহ্বান কৰা হয়। কেৱল এবছৰৰ বাবে কৰ সংগ্ৰহ কৰিবলৈ দিয়া পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত থকা মুঠ ৩০খন এন্ট্ৰী টেক্স গেটৰ বিগত বিত্তীয় বৰ্ষৰ নিবিদাৰ ম্যাদ ইতিমধ্যে যোৱা ৩১ মাৰ্চৰ নিশা ১২ বাজি ১ মিনিট যোৱাৰ লগে লগে উকলি গৈছে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে পুনৰ নিবিদাৰ আহ্বান কৰিছিল যদিও ক'ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন চলি থকাত বৰ্তমানে এই গেটসমূহৰ নিবিদা প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিছে পৰিষদে। উল্লেখ্য যে ক'ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন চলি থকাৰ সময়তে কিন্তু পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গৰমপানী এন্ট্ৰি টেক্স গেট আৰু এন এইছ-৩৯ লাহৰিজান এন্ট্ৰি টেক্স গেটত অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িওৱা সৰু-ডাঙৰ ট্ৰাকসমূহৰ পৰা কৰ সংগ্ৰহৰ নামত অবৈধভাৱে ব্যাপক হাৰত দাবী-ধমকিৰে ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 

একাংশ অসাধু ব্যৱসায়ীয়ে এন এইছ-৩৯ লাহৰিজান এন্ট্ৰী টেক্স গেটত নিজা মইমতালিৰে এখন আলু ভৰ্তি ট্ৰাকৰ বাবদ ৭০০ টকা, চাউল ভৰ্তি ট্ৰাকৰ বাবদ ৮০০ টকা, শাক-পাচলি কঢ়িওৱা সৰু সৰু ডি আই গাড়ীৰ বাবদ ৪০০-৫০০ টকাকৈ লোৱাৰ উপৰি গৰমপানী এন্ট্ৰী টেক্স গেটটো কণী ভৰ্তি ট্ৰাকৰ পৰা ১০০০ টকা, শাক-পাচলিৰ গাড়ীৰ পৰা ৩০০ টকা, এফ চি আইৰ চাউল ভৰ্তি ট্ৰাকৰ পৰা ৫০০ টকাকৈ বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই মহা দুৰ্যোগৰ সময়ত উক্ত গেট দুখনত একাংশ দুষ্টলোকে অবৈধভাৱে অত্যধিক হাৰত কৰ সংগ্ৰহ কৰাত অতিষ্ঠ হৈ পৰিছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা গাড়ীৰ মালিক আৰু চালক-হেণ্ডিমেনসকল। 

লক্ষণীয় কথাটো হৈছে যে বিগত বিত্তীয় বৰ্ষত গৰমপানী এন্ট্ৰী টেক্স গেট আৰু এন এইছ-৩৯ লাহৰিজান এন্ট্ৰী টেক্স গেটৰ নিবিদা লাভ কৰা পূৰ্বৰ ব্যক্তিকেইজনে ইতিমধ্যে যোৱা ৩১ মাৰ্চৰ নিশাই তেওঁলোকৰ কৰ্মচাৰীসকলক গোটসমূহৰ পৰা আঁতৰাই নিয়ে। অৰ্থাৎ নিয়ম অনুসৰি পুনৰ গেটৰ নিবিদা লাভ নকৰালৈকে তাত কোনেও কৰ সংগ্ৰহ কৰিব নোৱাৰে। কিন্তু কাৰ আশীষপুষ্ট হৈ অথবা কাৰ অদৃশ্য শক্তিৰ বলত বলীয়ান হৈ এতিয়া এই এন্ট্ৰী টেক্স গেট দুখনত একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰতিখন মালবাহী ট্ৰাক আৰু সৰু সৰু মালবাহী গাড়ীৰ পৰা কৰ সংগ্ৰহৰ নামত অত্যধিক হাৰত ধন সংগ্ৰহ কৰিছে। 

তাৎপৰ্যপূৰ্ণ যে এই গেট দুখনত কৰ সংগ্ৰহৰ বিপৰীতে কিন্তু অধিকাংশ গাড়ীৰ চালক-হেণ্ডিমেনক কোনোধৰণৰ ৰছিদ প্ৰদান কৰা হোৱা নাই যদিও অৱশ্যে দুই-এখন গাড়ীৰ চালকক কোনোধৰণৰ ছীল-মোহৰ নথকা ভুৱা ৰছিদ প্ৰদান কৰা কথাও জানিব পৰা গৈছে। এতিয়া সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে চাউল, আলু, দাইল, নিমখ, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ যাতে লকডাউনৰ এই দুৰ্যোগৰ সময়ত ৰাজ্যৰ সাধাৰণ জনতাই কোনো অসুবিধা নোহোৱাকৈ ক্ৰয় কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা এই গাড়ীসমূহক চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে।

কিন্তু এই গেট দুখনত কোনো ধৰণৰ ৰছিদ প্ৰদান নকৰাকৈ অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ পৰা কৰ সংগ্ৰহৰ নামত অধিক হাৰত ধন সংগ্ৰহ কৰি থকা কাৰ্য কাৰ্বি আংলং আৰক্ষী, জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ দৃষ্টিত কিয় পৰা নাই বুলি সচেতন মহলে প্ৰশ্ন কৰাৰ লগতে তেওঁলোকেও কমিছনৰ ভাগ লৈ চকুমুদা কুলিৰ ভাওত আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে। এই গেট দুখনত কৰ সংগ্ৰহৰ নামত অবৈধভাৱে ব্যাপক হাৰত ধন সংগ্ৰহ কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈও বোকাজান মহকুমাৰ সচেতন মহলে আৰক্ষী, জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক দাবী জনাইছে।