মাণ্ডিয়াঃ কৰ্ণাটকৰ মাণ্ডিয়াত সংঘটিত এক ভয়াৱহ বাছ দুৰ্ঘটনাত ২৫ জন লোক নিহত হয়। 

ৰাজ্পাযখনৰ ণ্ডৱপুৰা জিলাৰ কনগনমৰাডীৰ গাঁৱেৰে বাছখন আহি থকা অৱস্থাত চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাছখন কাবেৰী নদীৰ এটা সুঁতিত বাগৰি পৰে৷

শনিবাৰে দিনৰ ১২ বাজি ২৫ মিনিটত সংঘটিত দুৰ্ঘটনাটোৰ দুৰ্ভগীয়া বাছখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই বেছি আছিল বুলি জানিব পৰা গৈছে৷

ঘটনাৰ পাছতেই স্থানীয় লোকে উদ্ধাৰ কাৰ্যত নামি পৰে৷ এই ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বহিনীৰ কৰ্মচাৰীসকল৷

উল্লেখযোগ্য যে, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জি পৰমেশ্বৰে শোক প্ৰকাশ কৰি দুৰ্ঘটনাটো গাড়ীখনৰ চালকৰ ভুলৰ বাবেই সংঘটিত হোৱা বুলি কয়৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী এছ ডি কুমাৰাস্বামী মাণ্ডিয়াতে আছিল৷

ঘটনাৰ খবৰ পাই তেওঁ ঘটনাস্থলিত উপস্থিত হৈ নিহত পৰিয়াল লোকৰ বাবে ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰে৷

নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷ আনফালে, ঘটনাস্থলীত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান বৰ্তমানলৈকে অব্যাহত ৰাখিছে৷