বেংগালুৰুঃ কৰ্ণাটকত অনুষ্ঠিত উপ-নিৰ্বাচনত বি জে পিয়ে হতাশাজনক ফল প্ৰদৰ্শন কৰিছে৷ তিনিখন লোকসভাৰ আসনৰ দুখনতেই পৰাজয় বৰণ কৰিছে গেৰুৱা দলটোৱে৷ এই আসনকেইখনৰ এখনত কংগ্ৰেছে আৰু আনখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়ৰ জে ডি (এছ) দলে লাভ কৰিবলৈ সক্ষম হয়৷ 

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বি জে পি নেতা বি এছ য়েডুৰাপ্পাৰ নিজ এলেকা শিমোগা লোকসভা সমষ্টিটো অতি কষ্টৰে বি জে পিয়ে লাভ কৰিবলৈ সক্ষম হয়৷ 

এই সমষ্টিত বিজেপি প্ৰাৰ্থী আছিল য়েডুৰাপ্পাৰ পুত্ৰ বি ৱাই ৰাঘবেন্দ্ৰ৷ তেওঁ ৫২,১৪৮ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ 

ইফালে, কৰ্ণাটক বিধানসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা উপনিৰ্বাচনৰ এখনত কংগ্ৰেছ আৰু আনখনত জে ডি (এছ) দল জয়ী হয়৷