কাজিৰঙাত কেইবা লাখ টকাৰ অবৈধ চুপাৰিৰ দুখন ট্ৰাক জব্দ 
পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে

newsnextone কাজিৰঙা, ৬ অক্টোবৰঃ  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে অবৈধভাবে কঢিয়াই অনা কেইবালাখ টকাৰ দুখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে পাচঁজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত চোৰাং চুপাৰি ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে ।  

জানিব  পৰা মতে বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ কৰ্মকৰ্তাই বিদেশৰ পৰা ২৩ খন ট্ৰাকত অবৈধভাবে চুপাৰিৰ লগত অবৈধ মাৰণাস্ত্ৰ, সোণ আৰু  ড্ৰাগছ চোৰাংকৈ অনাৰ তথ্য লাভ কৰি কাজিৰঙাৰ বাগৰি আৰক্ষীক অবগত কৰাৰ লগতে লিখিত এজাহাৰ দাখিল কৰে । ইযাৰে ২১ খন চোৰাং চুপাৰি , সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক পলাই সাৰিবলৈ সক্ষম হয় যদিও বাগৰি আৰক্ষীয়ে দুখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে অবৈধভাবে চুপাৰি কঢ়িয়াই অনা ট্ৰাক দুখনৰ পৰা পাচঁজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 

আৰক্ষী সূত্ৰে জানিব পৰা মতে এম পি ০৯ এইচ এইচ ৯৯৪৭ আৰু এম পি ০৯ এইচ এইচ ৯৭৪৭ নম্বৰৰ দুখন ট্ৰাকত অবৈধ ভাৱে চুপাৰি কঢ়িয়াই  অনা  ট্ৰাক  দুখন বৃহস্পতিবাৰে বাগৰি আৰক্ষীয়ে পাচঁজন লোকৰ সৈতে কৰায়ত্ব কৰিছিল যদিও আজিহে তদন্তৰ অন্তত জব্দ কৰাৰ লগতে জগজিৎ সিং , উত্তম সিং ,মনোজ কুমাৰ, অজয় সিং আৰু আকাশ কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে । 

উল্লাযোগ্য যে কিছুদিনৰ  পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে গোলাঘাটৰ পৰা অবৈধ চুপাৰিৰ চিণ্ডিকেট চলি থকাৰ কথা বিভিন্ন মাধ্যমেৰে আৰক্ষী তথা প্ৰশাসনক অবগত কৰি থকাৰ পিছতো কোনো ব্যৱস্থা হাতত নোলোৱাত শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজা ব্যৱস্থাৰে অবৈধভাবে কঢিয়াই অনা চুপাৰিৰ ট্ৰাক আৰক্ষীক ধৰাই দিবলৈ বাধ্য হয । 

উল্লেখযোগ্য যে ম্যানমাৰ, ইণ্ডোনেছিয়া আদি দেশৰ পৰা চোৰাংকৈ গোলাঘাটৰ এক চুপাৰি মাফিয়াৰ যোগেদি কোটি কোটি টকাৰ অবৈধ চুপাৰিৰ ব্যৱসায় একাংশ আৰক্ষীৰ সহযোগত অবাধ গতিত চলি আছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰিছে । 

দুখন ট্ৰাকৰ সৈতে পাচঁজন লোকক কৰায়ত্ত কৰাৰ পিছত এতিয়া আৰক্ষীয়ে তদন্ত কৰি অবৈধ কোটি টকীয়া চুপাৰি ব্যৱসায় তথা চুপাৰি  মাফিয়াৰ বিৰুদ্ধে কি  ব্যৱস্থা লব ইও লক্ষণীয় হব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে ।