নতুন দিল্লীঃ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত দিল্লীৰ দিন-হাজিৰা কৰা শ্ৰমিকসকলে লকডাউনৰ সময়ছোৱাত লাভ কৰিব ৫হাজাৰকৈ চৰকাৰী সাহায্য। এই ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব এই সাহায্য।

হিন্দুস্তান টাইমছত প্ৰকাশিত খবৰ অনুযায়ী দিল্লী বিল্ডিং এণ্ড আণ্ডাৰ কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্ছ ব’ৰ্ডৰ অধীনত পঞ্জীকৃত প্ৰতিগৰাকী দিন হাজিৰা কৰা শ্ৰমিকক দিল্লীৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰা মতে দিল্লীত লকডাউনৰ সময়ত সান্ধ্য আইন সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু এনে পৰিস্থিতিত খাটি খোৱা জনগণক সহায় কৰিবলৈ চৰকাৰ দায়ৱদ্ধ।

'মই উপলব্ধি কৰিব পাৰিছো যে আপোনালোকৰ এই কেইদিন বহুত সমস্যা হৈ আছে। আমি আপোনালোকৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰো। কিন্তু আপোনালোকৰ সমস্যা কম কৰিবৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছো। আপোনালোক সকলোৰে জীৱন বছোৱাতো অতিশয় প্ৰয়োজনীয়। সেয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই জানিবলৈ পাই সুখী হৈছো এই সময়ত বহুতেই ইজনে সিজনক সহায় কৰিছে। এয়াই হৈছে আমাৰ দেশৰ অন্যতম শক্তি।’-এইদৰে কয় কেজৰিৱালে।

দিল্লী চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰী কৰা মতে, এই ধনৰাশি পঞ্জীকৃত শ্ৰমিকসকলে পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। 'দিল্লী বিল্ডিং এণ্ড আণ্ডাৰ কনষ্ট্ৰাকশ্যন ওৱৰ্কাৰ্ছ ব’ৰ্ডৰ অধীনত পঞ্জীকৃত শ্ৰমিকসকলে অনলাইনযোগে একাউণ্টত ধন লাভ কৰিব। ৰাজ্যখনত পঞ্জীকৃত এনে শ্ৰমিকৰ সংখ্যা হৈছে ৪ লাখৰ ওচৰা-ওচৰি। বহু সংখ্যাক শ্ৰমিকে এখন চহৰৰ পৰা আনখন চহৰলৈ অহা যোৱা কৰি থাকে। তৎসত্বেও আমি শ্ৰম বিভাগৰ জৰিয়তে সকলোকে চিনাক্ত কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো।’-বিষয়াগৰাকীয়ে কয়।

উল্লেখ্য যে নিৰ্মাণ খণ্ডৰ শ্ৰমিকসকলৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক চলিত মাহৰ শেষৰ ফালে ৫০ শতাংশ অধিক ৰেচন দিয়াৰ কথাও এক সংবাদমেলযোগে ঘোষণা কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে বিধৱা, দিব্যাংগ আৰু বৃদ্ধ লোকসকলৰ চলিত মাহৰ পেঞ্চন দুগুণলৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে কেজৰিৱাল চৰকাৰে। এই দুগুণ পেঞ্চন অহা ৭ এপ্ৰিলৰ ভিতৰত হিতাধিকাৰীসকলে লাভ কৰিব বুলিও জনাইছে দিল্লী চৰকাৰৰ সূত্ৰই।