গুৱাহাটীঃ 'কা’ বিৰোধী আন্দোলনক লৈ অসমত সুকীয়া ৰাজনৈতিক দল গঠনৰ চৰ্চা চলি থকাৰ সময়তে শিল্পী জুবিন গাৰ্গক ধন্যবাদ জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। 'কা’ৰ বিৰুদ্ধে অনুষ্ঠিত এক প্ৰতিবাদী সভাত দিল্লীৰ আপ চৰকাৰৰ কাম-কাজক প্ৰশংসা কৰা বাবেই টুইটযোগে শিল্পীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে কেজৰিৱালে।

'ধন্যবাদ জুবিন গাৰ্গ। যদিহে আমি আমাৰ মৰমৰ দেশখনক প্ৰগতিৰে পথেৰে আগুৱাই নিবলগীয়া হয়, আমি নিশ্চিতভাৱে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰখনক লক্ষ্য কৰিয়েই অভিযান অব্যাহত ৰাখিব লাগিব।’-শনিবাৰে টুইটটোত জুবিন গাৰ্গক ধন্যবাদ জনাই এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে গুৱাহাটীকে আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কেবাখনো প্ৰতিবাদী সভাত শিল্পীগৰাকীয়ে ভাষণ প্ৰদান কৰি দিল্লীৰ আপ চৰকাৰৰ প্ৰসংগ উত্থাপন কৰিছিল। 'যেতিয়া মই দিল্লীলৈ অনুষ্ঠান কৰিবলৈ যাও তেতিয়া কেজৰিৱালে কৰা ভাল কামবোৰ নিজ চকুৰে দেখিবলৈ পাও। সাধাৰণ মানুহবোৰে কেজৰিৱালৰ প্ৰশংসা কৰা শুনো। চৰকাৰী স্কুলবোৰ কেজৰিৱালে ভাল কৰি দিছে, হাস্পতালবোৰ ভাল কৰি দিছে। মানুহেতো ভাল পাবই নহ।’-এখন সভাত এই মন্তব্য কৰিছিল শিল্পী জুবিনে।

আজিৰ টুইটটোত কেজৰিৱালে সংগীতকাৰ বিশাল দাদলানীৰ এটি টুইটকো মেনশ্যন কৰা দেখা গৈছে। দাদলানীয়ে উক্ত  টুইটটোত কেজৰিৱালৰ লগতে প্ৰশংসা কৰিছে জুবিনকো। 

টুইটটোত দাদলানীয়ে লিখিছে, 'প্ৰতিগৰাকী ভাৰতীয়ই অন্ততঃ এয়া নিজেই চাবলৈ পাব। এয়া স্পষ্টকৈ ক’ব পৰা ব্যতিক্ৰমী মেগাষ্টাৰ মোৰ ভাতৃপ্ৰতীম জুবিন গাৰ্গ সঁচাকৈয়ে সাহসী। অৰবিন্দ কেজৰিৱাল আৰু আপক লৈ গৌৰৱবোধ কৰিছো, এয়া হৈছে আৰম্ভ হ’বলৈ লোৱা এটি কাহিনী। আৰু বহুদূৰ যাবলৈ আছে, সকলোকে একেলগে লৈ যাবলৈ আছে।’ 

দাদলানীয়ে টুইটটোৰ লগতে জুবিনে এখন প্ৰতিবাদী সভাত কেজৰিৱাল চৰকাৰক প্ৰশংসা কৰা ভাষণৰ ৩৬ ছেকেণ্ডৰ ভিডিঅ’ এটিও শ্বেয়াৰ কৰিছে। 'দিল্লীৰ দম যদি থাকে আমাৰ, দিল্লীত দেখোন কেজৰিৱাল, তেওঁতো বিজেপিৰ মানুহ নহয়। আৰু দিল্লীত মই গৈয়েই থাকো। ৰিচেণ্টলি মই চাৰিখন নে পাঁচখন শ্ব’ কৰি আহিছো। তাত অটোৰিক্সাৱালাজনেও কেজৰিৱালক ভাল পায়। অটোবোৰত লিখা থাকে আই লাভ কেজৰিৱাল। তেতিয়া মই খবৰ ললো। মানুহটোৱে বহুত কাম কৰিছে। বিভিন্ন ধৰণৰ কাম, উন্নয়নৰ কাম, শিক্ষাৰ কাম। So, এটা ছ’চিয়েলিষ্ট চিন্তাধাৰা, সেইটো অসমতো লাগে। সেইটো বিজেপিৰো নাই, কংগ্ৰেছৰো নাই, এজিপিৰো নাই। এজিপিৰ কথা বাৰু নকওৱেই।’-ভিডিঅ’টোত এইদৰে কেজৰিৱালক প্ৰশংসা কৰি অসমতো তেনেধৰণৰ এটা দলৰ পোষকতা কৰা দেখা গৈছে শিল্পী জুবিনক।