তুলসীবাৰী/ৰঙিয়াঃ বিটিএডিৰ সংখ্যালঘু সংগঠন এবিএমছুৰ খন্দিকৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ লাফিকুল ইছলাম আহমেদ, আব্দুল ফজল সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

স্থানীয় নলিনীবালা দেবী এমই স্কুল খেলপথাৰত ৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ট্ৰফীসহ নগদ ধন ১৫ হাজাৰ আৰু ৭ হাজাৰ টকাকৈ আগবঢ়াব হ’ব৷ দলসমূহক ৮৪৮৬৬০২৩৮৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সকলে৷