খাৰুপেটীয়াঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ মাজত মাত্র কেইটিমান দিন মান বাকী। প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থী সকলৰ মনোনয়ন-পত্ৰও পৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ গ’ল। নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে বিভিন্ন ৰাজনৈতিক দলৰ সিমানে তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ছাত্ৰ সংগঠনৰ লগতে জাতীয় অন্য কেইবাটাও সংগঠনৰ নেতা কৰ্মী সকলে ঢাপলি মেলা দেখা গৈছে।

ছাত্ৰ সংগঠন আমছুৰ ১২ জনকৈ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মীয়ে ইতিমধ্যে কংগ্ৰেছ, বি জে পি আৰু এ আই ইউ ডি এফ আৰু অ গ প আদি ৰাজনৈতিক দলৰ টিকট লৈ নিৰ্বাচন খেলিবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে। আমছুৰ নেতা-কৰ্মীৰ পঞ্চায়ত নিৰ্বাচনৰ ফালে ঢাপলি মেলা  সন্দৰ্ভত  দৰং জিলা আমছুৰ  সভাপতি আলেপ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক মাহবুবুল হকে এক সংবাদমেলযোগে আমছুৰ বেনাৰত নিৰ্বাচনৰ প্ৰচাৰ নকৰিবলৈ  আহ্বান জনায়। 

উল্লেখ্য যে, খাৰুপেটীয়া পৰিদৰ্শন বঙলাত আয়োজিত সংবাদমেলত আমছুৰ সংবাদমেলত আগন্তুক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ গৈ ৰাইজে  যাতে এন আৰ চি দাবী আৰু আপত্তি প্ৰ-পত্ৰ পূৰণ কৰিবলৈ পাহৰি নাযায় তাৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায়। আনহাতে, আমছুৰ নেতা-কৰ্মীসকলেও যাতে এই সন্দৰ্ভত ৰাইজৰ প্ৰতি সহায় সহযোগ কৰিবলৈ পাহৰি নাযায় সেই কথাখিনি মনত ৰাখিবলৈ আমছুৰ নেতা কৰ্মীক আহ্বান জনায়।

ইফালে, ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী সকলেও যাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৰাজনৈতিক চিন্তা ধাৰা বজাই ৰাখে তাৰ প্ৰতি সজাগ থাকিবলৈ দৰং জিলা আমছুৰসমূহ নেতা-কৰ্মীক আহ্বান জনায়। এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আমছুৰ নেতা কৰ্মী ১২ জনে ইতিমধ্যে সভাপতিৰ হাতত পদত্যাগ-পত্র দাখিল কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত দৰং জিলা আমছুৰ সাধাৰণ সম্পাদক নাজিৰুদ্দিন আহমেদ, উপ-সভাপতি ছোলেমান আলী, হিবজুল কবীৰ, ছাইবুৰ ৰহমান, আবু তালেব, মেহেদী আহমেদ আদি বিষয়-ববীয়া আছে ।