ফখৰুল ইছলাম, খাৰুপেটীয়াঃ বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ  নিৰ্বাচনৰ বাবে আয়োগে ঘোষণা কৰা সূচী মতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাতো প্ৰাৰ্থীসকলে তেওঁলোকৰ সমৰ্থকসহ মনোনয়ন-পত্ৰ দাখিল কৰে জিলা সদৰ আৰু উন্নয়ন খণ্ডসমূহত।

দৰঙৰ দলগাঁও সমষ্টিতো পঞ্চায়ত নিৰ্বাচনত এঘড়ী যুঁজিবৰ বাবে সম্পূৰ্ণকৈ সাজু কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বি জে পি, বিৰোধী কংগ্ৰেছ, চৰকাৰৰ সহযোগী অ গ প আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল।

উল্লেখযোগ্য যে দলগাঁও সমষ্টিত মুঠ ১৮ টা গাঁও পঞ্চায়ত আছে আৰু প্ৰতিটো পঞ্চায়তত ১০ টাকৈ ৱাৰ্ড আছে। বৃহস্পতিবাৰে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত এই  ৱাৰ্ড প্ৰাৰ্থীসকলে দলগাঁও শিয়ালমাৰী আৰু বেছিমাৰী উন্নয়ন খণ্ডৰ নিৰ্বাচনী কাৰ্যালয়ত নিশালৈকে ভীৰ কৰি তেওঁলোকৰ মনোনয়ন-পত্ৰ দাখিল কৰে।

ইফালে জিলা পৰিষদ, গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকলে জিলা সদৰত মনোনয়ন দাখিল কৰে।

এইবাৰ দলগাঁও সমষ্টিৰ চাৰিখন জিলা পৰিষদ আসনৰ তিনিখন আসন সংৰক্ষিত হৈছে মহিলাৰ বাবে।  এই চাৰিখন আসন দখলৰ বাবে চেষ্টা চলাইছে বি জে পিয়ে । পোন প্ৰথমবাৰৰ বাবে সংখ্যালঘু অধ্যুষিত দলগাঁও সমষ্টিৰ লালপুল, বেছিমাৰী, বিহুদিয়া আৰু শ্যামপুৰ, এই চাৰিখন আসন দখলৰ বাবে ৰণকৌশল যুগুত কৰি শ্যামপুৰ জিলা পৰিষদত তছলিমা খাতুন, বিহুদিয়াত ছালেমা চুলতানা ৰেজিয়া, বেছিমাৰীত হবিবুৰ ৰহমান আৰু লালপুলত ইংকো মনি কোচক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বি জে পি দলে।

পূৰ্বতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দখলত থকা সৰহ সংখ্যক গাঁও পঞ্চায়ত,  আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সমূহত নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

এই সন্দৰ্ভত বি জে পিৰ দলগাঁও সমষ্টিৰ বিস্তাৰক দিলোৱাৰ হুছেইন আৰু সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবৰ ৰহমানে সংবাদ মাধ্যমৰ আগত কয় যে সংখ্যালঘু অধ্যুষিত দলগাঁও সমষ্টিত ৰাইজে বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ প্ৰতি আকৰ্ষিত হৈ বি জে পি দলক আকোঁৱালি লৈছে আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ দুৰ্নীতি-অনিয়মৰ বিকল্প হিচাপে বি জে পিৰ প্ৰাৰ্থীক ভোট দিব সংখ্যালঘু ভোটাৰে।

বিগত পঞ্চায়ত নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছৰ ভেটি উৎখাত কৰিছিল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি দলে। হেৰুৱা ভেটি পুনৰ উদ্ধাৰৰ বাবে এইবাৰ কঁকালত টঙালি বান্ধি নিৰ্বাচনত নামি পৰা পৰিলক্ষিত হৈছে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী । বিগত নিৰ্বাচনত চাৰিখন জিলা পৰিষদৰ তিনিখনতেই ধৰাশায়ী হৈছিল ইউ ডি এফৰ হাতত। একমাত্ৰ লালপুল জিলা পৰিষদৰ আসনখনত জয়ী হৈ মান ৰক্ষা কৰিছিল কংগ্ৰেছৰ। হেৰুৱা সন্মান পুনৰোদ্ধাৰৰ বাবে এইবাৰ শ্যামপুৰত শ্বেহনাজ নিলোৰা য়াছমিন, বিহুদিয়াত জমিলা খাতুন, বেছিমাৰীত আইনুল হক আৰু লালপুলত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সোনপ্ৰভা শইকীয়াক।

বিধায়ক ইলিয়াচ আলিৰ মতে ৰাইজে এতিয়া বুজি পাইছে সকলো দলৰ প্ৰলোভনৰ ৰাজনীতি। বিজেপি, অগপ আৰু বদৰুদ্দিনৰ ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিছে সৰ্ব- সাধাৰণ ৰাইজৰ। সেয়ে কংগ্ৰেছ দলৰ প্ৰতি  আকৃষ্ট হৈছে ভোটাৰ ৰাইজ। যাৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত এশ শতাংশই সাফলতা লাভ কৰিব কংগ্ৰেছে বুলি দৃঢ়তা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

উল্লেখ্য যে  কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মজবুত ভেটি থকা সংখ্যালঘু সমষ্টি দলগাঁৱত  গেৰুৱা দল বি জে পিয়ে খোপনি পুতিবলৈ সক্ষম হ'ব নে ? তাৰ বাবে  অপেক্ষা পঞ্চায়ত নিৰ্বাচনৰ ফলাফললৈ।