খাৰুপেটীয়াঃ কৃষিজাত সামগ্ৰী শাক-পাচলি, ধান, মৰাপাট ইত্যাদি খেতিৰ উৎপাদন উন্নতমানৰ হোৱাৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে সৰ্বভাৰতীয় কোম্পানী বায়ষ্টাট আস্থা নামৰ কোম্পানীটোৱে কৃষকসকলৰ মাজত ব্যৱসায় কৰি থকাৰ লগতে কৃষক ৰাইজৰ মাজত কেতবোৰ সামাজিক কামো কৰি আছে।

কোম্পানীৰ সৰ্বভাৰতীয়  জি এম সঞ্জীৱ ৰাহা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰ এম পাৰ্থ প্ৰতিম শৰ্মাৰ লগতে অসমৰ টি এম ছহিদুল ইছলামে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ  ৰৌজলিন বেগম, মফিদুল ইছলাম, আবশ্যামা আৰু ৱাহিদুৰ ৰহমান নামৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ২৫০০ টকাকৈ এককালীন সাহায্য আগবঢ়ায়।

খাৰুপেটীয়া বিহুদিয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত জলপানি প্ৰদান অনুষ্ঠানত কোম্পানীটোৱে তৈয়াৰ কৰা তিনিটা গুণসম্পন্ন বায় কেমিকেল, ৰাসায়নিক ঔষধ বায়জাইম, ৰিজয়েচ, ৰোকো, ম্যাডন, ডাৰ্বি, আ্যমেজ আদি এন্টিবায়টিক আৰু পুষ্টিকৰ ভিটামিন প্ৰডাক্টৰ লাভৰ অংশৰ ২০ টকাকৈ জমা কৰি এনেধৰণৰ সমাজ সেৱামূলক কাম কৰা হয় আৰু এই সমাজ সেৱামূলক কাম গোটেই ভাৰততে চলি থাকিব বুলি কোম্পানীৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰে। 

উল্লেখযোগ্য যে শতাধিক কৃষকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোত কৃষকসকলৰ মাজত বিনামূলীয়াকৈ বেগ বিতৰণ কৰা হয়। লগতে কৃষকসকলক উক্ত প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় কোম্পানীৰ কৰ্মকৰ্তাসকলে।