খেৰণিঃ সমগ্ৰ কাৰ্বি পাহাৰতে শনিবাৰে উলহ-মালহেৰে উদযাপন হ'ল পৰম্পৰাগত কাৰ্বি ৰংকেৰ পূজা। পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি, ৰিকাং-মিহম, প্ৰিলু, ফেলাংপি, জেংখা, মাইলু, হাৱাইপুৰ, জেৰিকীন্দেঙ, ডংকামোকাম আদি অঞ্চলতো শ শ লোকৰ সমাগমেৰে এই পূজা কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি আৰু বলি-বিধানেৰে সম্পন্ন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে কাৰ্বিসকলৰ ৰংকেৰ হৈছে এক কৃষিভিত্তিক সমূহীয়া পূজা৷ কৃষি কাৰ্যত মংগল আৰু লাভজনক কৃষি উৎপাদনৰ কামনা কৰি ঝুম খেতিৰ আগমূহুৰ্তত এই পূজা কৰা হয়।

অপায়-অমংগল, বেমাৰ আজাৰ, দুৰ্ভিক্ষৰ সময়তো গাঁৱৰ 'হাবে' বা গাঁওবুঢ়াৰ তত্তাৱধানত ৰাজহুৱাভাৱে এই পূজা কৰা হয় কাৰ্বি পাহাৰৰ বিভিন্ন অঞ্চলত৷ ৰংকেন পূজা মূলতে দুবিধ৷ পিৰ্দা ৰংকেৰ আৰু ৰাতিৰ বা আজ ৰংকেৰ৷

অৱশ্যে অঞ্চল ভেদে এই ৰংকেৰ পূজা কেইবা প্ৰকাৰেৰে পালন কৰা দেখা যায়৷ ৰংকেৰ পূজাৰ ভিতৰত এবিধ উল্লেখযোগ্য ৰংকেৰ হৈছে ৰেক্পি বা দেংজা ৰংকেৰ য'ত নেকি অতিজত নৰবলি দিয়া হৈছিল বুলিও বিশ্বাস কৰে ৷

আনহাতে গৰু-ম'হ অৰ্থাৎ পশুধন পালকসকলেও পোহনীয়া জন্তুবোৰৰ অপায়-অমংগলৰপৰা বচাবলৈ 'ছকং' ৰংকেৰ পালন কৰে৷

গুৰুত্বপূৰ্ণ যে এই পূজাবোৰৰ পূজাস্থলিত কিন্তু মহিলাৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ আৰু এই ৰীতি অতীজৰপৰা আজিও মানি আহিছে কাৰ্বি আংলঙৰ কাৰ্বি সমাজখনে।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ভিন্ন প্ৰান্তৰ ৰংকেৰ পূজাৰ বাকৰিত ভিন্ন কাৰোকাৰ্যৰে সংস্কৃতি সম্পৰ্কীয় চাংঘৰ, প্ৰৱেশদ্বাৰ আদিৰ নিৰ্মাণেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাকৈ ব্যাপক ব্যৱস্থাপনাৰে উলহ-মালহেৰে ৰংকেৰ পূজা উদযাপন কৰে ৰংকেৰ পূজাৰ আয়োজকে।

ইফালে তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰিলুত উদযাপন কৰা তথা ৰংকেৰ পূজাৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত সাংস্কৃতিক খেল-ধেমালিৰ লগতে সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানৰ আয়োজন কৰে উক্ত ৰংকেৰ পূজাৰ উদ্যোগতাই প্ৰিলুস্থিত ৱাইচং উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত।