খেৰণিঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। তেনে সময়তে কাৰ্বি পাহাৰত তুংগত উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্বি পাহাৰত কংগ্ৰেছ-বিজেপিয়ে সমুখ-সমৰত থিয় দি বাকযুদ্ধৰ মাজেৰে পাহাৰীয়া জিলাকেইখনৰ প্রান্তে প্রান্তে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা। 

দলীয় শক্তি প্ৰদৰ্শনেৰে লোকসভাৰ আসন দখলৰ লক্ষ্যৰে শাসক-বিৰোধীয়ে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অশান্তি, প্ৰৱঞ্চনা আদিৰ কথা উল্লেখ কৰি ইটোয়ে সিটোক কৰি গৈছে আক্ৰমণ-প্ৰতিআক্ৰমণ। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰৰ মাজমজিয়াত বিজেপিয়ে এখন বিশাল প্ৰচাৰ সভাৰ আয়োজন কৰি তিনিশৰো অধিক কংগ্ৰেছ-বিজেপি আৰু এ এছ ডি চিৰ নেতাকৰ্মীক আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰে কাৰ্বি আংলং বিজেপিয়ে। 

উল্লেখ্য যে হামৰেনত অনুষ্ঠিত প্ৰচাৰ সভাত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেন ছিং বে' উপস্থিত থকাৰ বিপৰীতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বৈঠালাংছৰ বিধায়ক ডঃ মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং, উপ সভাপতি ৰেনছিং ৰংহাং প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, মংগল ছিং তিমুং আৰু পৰিষদীয় সদস্য ৰিণা তেৰাংপি অৰ্থাৎ টীম কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং বিজেপিৰ মহিলা জিলা সমিতিৰ নেত্রীবৃন্দৰ লগতে কেবা সহস্ৰাধিক পুৰুষ-মহিলা আৰু বিজেপি সমৰ্থক উপস্থিত থাকে উক্ত উল্লেখিত সভাত৷

সভাত ৰাইজক সম্বোধন কৰি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ৰ হৈ ৰাইজক বিজেপিত ভোট দান কৰি বিজেপিৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৰাইজক এইবুলি কয় যে সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)ৰ জৰিয়তে স্বায়ত্ত শাসিত ৰাজ্যৰ যি দাবী সেই দাবী পূৰণ কৰাৰ স্বাৰ্থত এম অ এছ আৰু এম অ ইউ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ স্বাৰ্থত আমি ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাব লাগিব। আৰু তাৰ পিছতহে কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে দীৰ্ঘদিন ধৰি দেখি থকা সপোন, আশা আৰু আকাংক্ষাবোৰ বাস্তৱ ৰূপত দেখিবলৈ পাব বুলি উল্লেখ কৰাৰ লগতে বিজেপিয়েহে নিশ্চিতভাৱে আমাৰ স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ আশা পূৰণ কৰিব" বুলি মন্তব্য কৰে ৰংহাঙে। 

শেহতীয়াকৈ সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত ৰংহাঙে "লোকসভা নিৰ্বাচনত ডিফু সমষ্টিত বিজেপিৰ পৰাজয় হলে মই ৰাজনৈতিক জীৱনৰপৰা বিদায় ল’ম বুলি মন্তব্য কৰে’’৷
   
আনহাতে বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'য়েও ৰাইজক উদ্দেশ্যি কয় যে বিৰোধীয়ে সদায় বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায় সাম্প্ৰদায়িক সংঘাত আৰু ধৰ্মীয় বিবাদ সৃষ্টিৰ ৰাজনীতি কৰি আহিছে। বিজেপি কেৱল হিন্দুত্ববাদী দল বুলি অভিহিত কৰি সাম্প্ৰদায়িক আৰু ধৰ্মীয় বিভাজন আনি সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে বিৰোধীয়ে। কিন্তু দেশ অথবা ৰাজ্য নতুবা পাৰ্বত্য জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত কংগ্ৰেছ-এ এছ ডি চিয়ে ৰাজত্ব কৰা কালছোৱাত পাহাৰীয়া জিলাকেইখনৰ বাবে এওঁলোকে কি কৰিলে, কি পালে পাৰ্বত্যবাসীয়ে? কেৱল পাহাৰীয়া ৰাইজে ঠগ প্ৰবঞ্চনাৰ বলি হৈ এওঁলোকৰ পৰা সাৰশূন্য উন্নয়ন আৰু বিকাশ দেখিলে বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'য়ে। লগতে কংগ্ৰেছ-এ এছ ডি চি অথবা জে আই কথাৰৰ নেতৃত্বত গঠন কৰা দলৰ ফুপযহ মাৰা কথা বা অপপ্ৰচাৰত পতিয়ন নাযায় বিজেপিত ভোট দান কৰি পাহাৰীয়া ৰাইজৰ স্বাৰ্থ পূৰণ কৰাত সহায় সহযোগ আগবঢ়াই যাবলৈ আহ্বান জনায় হৰেনছিঙে।