কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধিনৰ পশু পালন বিভাগৰ উদ্যোগত ৰূপায়ন কৰা হয় পশু পালন-কৃষি কাৰ্য্য সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী লগতে আয়োজন কৰা হয় এখন কৃষি সামগ্ৰী-পশুধন বিতৰণি সভাও। দুই সহস্ৰাধিক কৃষক ৰাইজ আৰু মহিলা আত্ম-সহায়ক গোটৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা উল্লেখিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ ক্ৰমে উপ-সভাপতি প্ৰতাপ টেৰাং, কাৰ্যালয় সম্পাদক হাৰমন বে, পৰিষদীয় হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', বিজেপি নেতা মঙ্গল বে', লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দকে ধৰি পশু পালন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বিভাগীয় বিষয়াৰ পশু পালন-কৃষি কাৰ্য্য সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদানৰ পিছতেই পশুধন-কৃষি সামগ্ৰী বিতৰণি সভাত ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্যি কাৰ্যবাহী সদস্য তিমুঙে কয় যে "গ্ৰামাঞ্চলৰ কৃষক ৰাইজে লাভাম্বিত হ'বলৈ এলান্ধুকলীয়া পৰম্পৰা বাদ দি আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কাৰ্য্য সম্পাদন কৰিবলৈ।" লগতে উন্নত মানৰ কৃষি বীজ ব্যৱহাৰ কৰিলেহে কৃষকৰাইজে কম পৰিমাণৰ ভূমিত অধিক উৎপাদন কৰি অধিক অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি কয়। 

কৃষকৰ সমান্তৰালকৈ মহিলাসকলেও পশু পালনৰ মাধ্যমেৰে স্বাৱলম্বী হ’ব পাৰে। আনকি এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ অথবা কাৰ্বি পৰিষদীয় চৰকাৰে দৰিদ্ৰ কৃষক ৰাইজ আৰু মহিলাসকলক অগ্ৰাধিকাৰ দি বিভিন্ন প্ৰকাৰৰ অভিলাষী আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। পৰিপ্ৰেক্ষিতত এনেবোৰ আচঁনিৰ যোগেদি কৃষক ৰাইজ আৰু মহিলাসকল উপকৃত হোৱাৰ বিপৰীতে ই গ্ৰাম্য অৰ্থনৈতিক উন্নয়নত যোগাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে তিমুঙে। 

উল্লেখযোগ্য যে, আজিৰ সভাৰ যোগেদি কাৰ্যবাহী সদস্য তিমুঙৰ উপস্থিতিত ৫০ টা গাহৰি পোৱালি, ২৫০ টা কুকুৰা আৰু ৫০০ হাঁহৰ পোৱালি কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গত থকা মহিলা আত্ম-সহায়ক গোটৰ মাজত বিতৰণ কৰাৰ বিপৰীতে কৃষকৰ মাজতো প্ৰয়োজনীয় কৃষি সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰে কাৰ্বি আংলং পশু পালন বিভাগে।