কোকৰাঝাৰঃ বঙাইগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী নবীন জৈনৰ অপহৰণকাণ্ডৰ সৈতে জড়িত দুই অপহৰণকাৰীক ইতিপূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে এক যৌথ অভিযানৰ সহায়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছত আজি উক্ত অপহৰণকাণ্ডৰ সতে জড়িত অান এক অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীটো হ'ল জিলাখনৰ লালমাটি নিৱাসী দিনেন মুছাহাৰীৰ পূত্ৰ দীপক মুছাহাৰী( ৩২) বুলি আৰক্ষীয়ে সদৰী কৰিছে ।  তদুপৰি তেওঁৰ জিম্মাৰ পৰা আৰক্ষীয়ে অপহৰণৰ সময়ত ব্যৱহৃত হোৱা এএছ ০১ ৱাই ৯৭৩৩ নম্বৰৰ এখন মাৰুতি অমনি গাড়ীও জব্দ কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে যোৱা ১৩ ফেব্ৰুৱাৰীৰ দিনাখন অপহৃত হোৱা নবীন জৈনৰ অপহৰণ কাণ্ডৰ সতে চাৰিগৰাকী অভিযুক্তৰ ভিতৰত মিজিং ওৱাৰী অাৰু নিতুল ব্ৰহ্মক ১৭ ফেব্ৰুৱাৰীৰ দিনাখন কৰায়ত্ব কৰা হৈছিল যদিও আন দুগৰাকী পলাই সাৰিছিল । 

বিশেষ সূত্ৰৰ পম খেদি আজি ইয়াৰে এগৰাকী অভিযুক্ত দীপক মুছাহাৰীক আটক কৰা হয় আৰু তেওঁৰ পৰা মাৰুতী অমনি গাড়ীও জব্দ কৰা হয়। আনগৰাকী অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে। উল্লেখ্য যে অপহৃত নবীন জৈনকো অাৰক্ষীয়ে ১৭ ফেব্ৰুৱাৰীত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।