newsnextone.com | গুৱাহাটীঃ ৰাজ্যত এটি প্ৰভাৱশালী চক্ৰই মানব অংগৰ চোৰাং ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দীৰ্ঘদিনৰ পৰা এটি চক্ৰই কেৱল ধন ঘটাৰ স্বাৰ্থতে অসমৰ পৰা জীৱিত তথা সুস্থ একোগৰাকী লোকক বহিঃৰাজ্যলৈ নি মানব অংগ বিক্ৰী কৰিবলৈ বাধ্য কৰে৷ মানব অংগৰ ব্যৱসায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটীৰ পৰা প্ৰকাশিত ৰাজ্যৰ আগশাৰীৰ দৈনিক বাতৰি কাকত জনমভূমিত প্ৰকাশিত এটি প্ৰতিবেদন মৰ্মে গুৱাহাটী মহানগৰীৰ পৰাই নিয়ন্ত্ৰণ হয় মানব দেহৰ অংগৰ ব্যৱসায়৷

বহিঃৰাজ্যৰ এটা বৃহৎ চক্ৰৰ সতে অসমৰ লোক জৰিত হৈ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহায়ত ৰাজ্য ৰাজধানীৰ পৰা মানব অংগৰ চোৰাং ব্যৱসায় চলাই গৈছে৷ অপৰাধী চক্ৰটোৱে টাৰ্গেট কৰি লয় গ্ৰাম্য অঞ্চলৰ দুখীয়া, গৰীৱ, শ্ৰমিক, খাটিখোৱালোকক৷  

কাকতখনত প্ৰকাশিত খবৰ মতে, বিশেষকৈ অসমত বৃক্কক লৈ এই চক্ৰটোৱে চোৰাং ব্যৱসায় চলাই আহিছে৷ অলমৰ জকাইচুকৰ অশিক্ষিত আৰু অৰ্ধশিক্ষিত একাংশ লোকক ধনৰ প্ৰলোভন দি চক্ৰটোৱে মানৱ অংগ বিশেষকৈ বৃক্ক (কিডনি)ৰ গোপন ব্যৱসায়েৰে বহু লোকৰ জীৱনলৈ নমাই আনিছে পংগুত্ব৷

প্ৰভাবশালী চক্ৰটোৱে অতি চতুৰালিৰে এনজিঅ’ গঠন কৰি এই এনজিঅ’ৰ জড়িয়তে চকুৰ আগতেই চলাই গৈছে বৃক্কৰ অবৈধ ব্যৱসায়৷ আপাত দৃষ্টিত বৈধভাবে এন জি অ’ৰ জৰিয়তে বৃক্কৰ সংৰোপন কৰিব বিছৰা লোকসকলক সগায় কৰা দোহাই দিয়া হয়৷ কিন্তু বৃক্ক সংৰোপনৰ নামত বিভিন্ন ধৰনে মানব অংগৰ ব্যৱসায় চলাই আহিছে দিনৰ পোহৰৰ দৰে সত্য৷ প্ৰথমাৱস্থাত চক্ৰটোৱে বাতৰিকাকত তথা আন আন বিভিন্নধৰণে বিজ্ঞাপন প্ৰকাশ কৰে বৃক্কৰ প্ৰয়োজন সন্দৰ্ভত৷

এই চক্ৰটোৱে প্ৰকৃততে দালালৰ ভাও ধৰে৷ দি কোনো আগশাৰীৰ চিকিসালয়ত কোনো ৰোগীৰ বাবে বৃক্কৰ প্ৰয়োজন হয় তেন্তে এই চক্ৰটোক অৱগত কৰে৷ এই চক্ৰটোৱে স্বেচ্ছাসেৱাৰ নামত এনজিঅ’ৰ জৰিয়তে বৃক্ক দিবলৈ ওলোৱা মানুহ বিচাৰিবলৈ আৰম্ভ কৰে৷ অসমৰ খাতিখোৱ দৰিদ্ৰ লোকে ধনৰ বিনিময়ত বৃক্ক দিবলৈ মান্তি হয়৷ সেই অচিলাৰে চক্ৰটোৱে বৃহ টকাৰ লেন-দেন কৰে৷ 

সেই অনুসৰি কোনো লোকে বৃক্ক দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে এন জি অ’ টোৰ সৈতে যোগাযোগ কৰিবলৈ চক্ৰটো উঠি পৰি লাগে৷ বৃক্ক প্ৰয়োজন হোৱা তৃতীয় পক্ষৰ সৈতে বৃহৎ ধনৰ লেনদেন চলাই চক্ৰটোৱে ৰাজ্যত মানৱ অংগৰ চোৰাং বেহা সংঘটিত কৰি আহিছে৷ আৰ্থিক দৈন্যতাত বৃক্ক বিক্ৰী কৰিবলৈ ওলোৱা লোকৰ সৈতে বৃক্কৰ প্ৰয়োজন থকা লোকৰ মাজত মধ্যস্থতাকাৰী হিচাপে এই পাবত গজা এন জি অ’ সমূহে দৰ দাম কৰে৷ ৪-৫ লাখ টকাৰ প্ৰলোভনত দুখীয়া লোকে বৃক্ক বিক্ৰী কৰিবলৈ ৰাজি হয় আৰু তেনে ব্যক্তিক ফুচুলাই কলকতালৈ নি বৃক্ক সংৰোপন কৰে৷ কলকাতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ স্বাস্থ্য প্ৰতিষ্ঠানত অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ নামত মানব অংগৰ গোপন ব্যৱসাই চলি আহিছে৷ অসমৰ হোজা লোকক এন জি অ’ৰ কৰ্মকৰ্তাই এনেদৰে বৃহৎ ধনৰ লোভ দি কলকতালৈ নি বৃক্ক উলিয়াই ৰাখে আৰু একো একো জন অসমীয়াই পংগু হ’ব লগা হয়৷

আনহাতে, ৰাজ্য খনত প্ৰতিদিনে কোনোবা নহয় কোনোবা ঠাইত মানুহ নিৰুদ্দেশ হয়৷ নিৰুদ্দেশ হোৱা বেছি সংখ্যাক লোকেই উদ্ধাৰ নোহোৱাকৈয়ে থাকে৷ স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে বহু মানুহ নিৰুদ্দেশ হোৱা হয় যদিও লোক উদ্ধাৰ নহয় আৰু আৰক্ষী প্ৰশাসনৰ হাতত তেওঁলোকৰ কোনো তথ্য নাথাকে৷ কিন্তু এইলোকসকল কলৈ যায়৷ শেহতীয়া খবৰ মতে ৰাজ্যত সক্ৰিয় হৈ থকা এটি চক্ৰই বহু লোকক আৱদ্ধ কৰি কিডনিৰ ব্যৱসায় চলাই থকা বুলি জানিব পৰা যায়৷