লালুক/ডিগবৈঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ ফতেহপুৰ তিনিআলি৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ অখিলক মুক্তি দিয়াৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পাভ আঞ্চলিক সমিতিয়ে ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতী দাহ কৰি কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰিছে ৰাজ্য৷

ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷ এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ অধিক তপৰ হৈ পৰে৷ প্ৰতিবাদৰ জৰীয়তে চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে৷

ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSAত জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰি চৰকাৰ অখিলৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা যায়৷ আনহাতে ডিগবৈত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে জোঁৰ লৈ কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ কেবাশতাধিক লোকে ডিগবৈ চহৰ উত্তাল কৰি অখিল গগৈক বিনা চৰ্তত মুক্তি দিয়াৰ দাবী জনায়৷