মঙলদৈঃ বড়ো আন্দোলনত বহু অবড়ো লোকক হত্যা কৰা হৈছিল৷ সেই লোকসকলৰ পৰিয়ালৰ ব্যৱস্থা চৰকাৰে নললে৷ চৰকাৰে সেই লোকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ বড়ো আন্দোলনৰ সময়ত নিৰাপদ ঠাইলৈ উঠি অহা লোককো ক্ষতি পূৰণ দিব লাগে৷ 

এই দাবী কোচ ৰাজ পৰিয়ালৰ৷ বড়ো আন্দোলনত নিহত হোৱা আন্দোলনকাৰীক চৰকাৰে ছহিদহীদ ঘোষণা কৰাৰ লগতে পৰিয়ালক ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰাৰ পিছতেই সোচ্চাৰ হৈ পৰিছে কোচ ৰাজ পৰিয়াল৷ 

এই ঘোষণাৰ পিছতেই সমাজত বিৰূপ প্ৰভাৱ পৰিব বুলি অভিযোগ উত্থাপন কৰে কোচ ৰাজ পৰিয়ালৰ হৈ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে৷ সশস্ত্ৰ সংগ্ৰামক উচটনি দিয়াৰ দৰে হ’ব বুলি কৈ চৰকাৰৰ এনে কাণ্ডক কোচ ৰাজ পৰিয়ালে তীব্ৰ গৰিহণা দিয়ে৷ 

কোচ ৰাজ পৰিয়ালৰ অনুষ্ঠান কনচৰিটিয়াম অৱ কোচ ৰয়েল ফেমিলিচ চমুকৈ কনকৰ্ফে বিটিচিৰ ২২ লাখ অবড়োক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ ওলোৱা বুলি অভিযোগ উত্থাপন কৰে৷ 

ইমানে নহয় অবড়োৰ তেজৰে ফাকু খেলা বড়ো আন্দোলনৰ উগ্ৰপন্থীয়ে গুৱাহাটীত ধাৰাবাহীক বোমা বিস্ফোৰণ কৰাৰ লগতে ৰঙিয়া কেকেৰিকুছিত উৰুকাৰ নিশাৰ গণ হত্যা কৰা আৰু আগণন অবড়োক গণ হত্যা কৰা বড়ো উগ্ৰপন্থীক পুৰস্কাৰ দিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ 

বড়ো আন্দোলনত নিহত পৰিয়ালক ৫ লাখ টকা দি আৰু তথাকথিত শ্বহীদ ঘোষণা কৰি উগ্ৰপন্থীক সমৰ্থন কৰিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে৷ 

বড়ো উগ্ৰপন্থীৰ বাবে বিদ্যাপুৰত আজিও ৩৪ খন গাঁৱৰ ২২০টা পৰিয়ালে শিবিৰত থাকিব লগা বুলি কয়৷ বিটিচিয়ে সংৰক্ষিত শ্ৰেণীৰ ভূমিৰ অধিকাৰ কাঢ়ি নিছিল যদিও ভুল স্বীকাৰ কৰিব লগা হৈছ৷ বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সিংহভাগেই বড়ো লোকক দিয়া হৈছি৷ 

ঠিকাও সিংহভাগ বড়ো লোকক দি অবড়োক বিদেশীৰ দৰে ব্যৱহাৰ কৰিছে৷ যিটো সময়ত বিটিএডিত ভূমি নীতিক লৈ জুই জ্বলি আছে সেই সময়তে বড়ো আন্দোলনৰ নিহতক তথাকথিত শ্বহীদ ঘোষণা কৰা হৈছে৷       

পৰিয়াললৈ ৫ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰি চৰকাৰে অবিবেচক সিদ্ধান্ত লোৱাত বিটিএডিৰ অৱড়োসকল নিৰাপত্তাহীনতাত ভুগিব বুলি আশংকা কৰা ৰাজ পৰিয়ালে৷ এনডিএফবিৰ সংবিজিত গোটৰ নৰসংহাৰকাৰী সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হ’লেও পৰিয়ালে মাত্ৰ ৫ লাখ টকাহে পাব বুলি এই সিদ্ধান্তই ইংগিত বহন কৰিছে৷ 

বড়ো আন্দোলনত নিগত-আহত অথবা নিৰ্যাতিত অবড়োক এই সিদ্ধান্তই অপমান কৰাৰ লেখীয়া হৈছে বুলি কনকৰ্ফে সদৰী কৰে৷ 

বড়ো আন্দোলনৰ সময়ত স্থানচ্যুত হোৱা অবড়োৰ পৰিয়ালৰ লগতে বঙাইগাঁৱৰ বিদ্যাপুৰৰ আশ্ৰয় শিবিৰত থকা ২২০টা পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে কনকৰ্ফে৷ ২২০টা পৰিয়ালৰ বাবে এককালীন সাহায্য দিয়াৰো দাবী জনায় ৰাজ পৰিয়ালে৷ 

ইফালে কোচ ৰাজবংশী পৰিয়ালক তাচ্ছিল্য কৰা জনকলাল বসুমতাৰী নামৰ লেখকজনৰ কাৰ্যকো গৰিহণা দিয়ে কনকৰ্ফে৷ তদুপৰি সাংসদ বিশ্বজিত দৈমাৰীয়ে কোচ ৰাজবংশীসকলক ‘অসাৱধান’ বুলি কৈ নিজৰেই সন্মান লাঘৱ কৰা বুলি মন্তব্য কৰে কনকৰ্ফে৷