কোকৰাঝাৰঃ বেজৰ নাকতে খৰ। এই বেজ দুজন হৈছে অৰুণ লিংডো আৰু মুন্না শইকীয়া ওৰফে ইক্ৰাম হুছেইন। দুয়ো এটা সংগঠনৰ বিষয়ববীয়া। সংগঠনটোৰ নাম হৈছে অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন। লিংডো সভাপতি আৰু মুন্না সম্পাদক। গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰাটোৱেই হৈছে সংগঠনটোৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। পিছে চোৰাং সৰবৰাহ ৰোধ কৰাৰ পৰিৱৰ্তে এই সংগঠনটোৰ হৰ্তা-কৰ্তা দুজনে নিজেই জড়িত হৈ পৰে গৰুৰ চোৰাং কাৰবাৰত।


ক’ত, কেনেকৈ ধৰা পৰিল লিংডো-মুন্না?
 

বৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পৰা এক খবৰ লাভ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। খবৰটো আছিল চোৰাং সৰবৰাহকাৰীয়ে পশ্চিমবংগৰ পৰা এখন ট্ৰাকেৰে চোৰাংকৈ গৰু কঢ়িয়াই অনাৰ খবৰ। লগে লগে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে মাজনিশা অসম বংগ সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা শ্ৰীৰামপুৰত তালাচী চলায়। তালাচী কালত AS 01GC 3837 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে। এই ট্ৰাকখনতে কঢ়িয়াই আনিছিল ১৬টাকৈ বলধ গৰু। 


ট্ৰাকৰ আগে আগে এখন ইনোভা


কোনেও গম পাব নোৱাৰাকৈয়ে গৰু কঢ়িয়াই অনা ট্ৰাকখনৰ আগে আগে গৈ আছিল AS01AK 7363 নম্বৰৰ এখন ইনোভা। এই ইনোভাখনত বহি অহা দুই বিশেষ ব্যক্তিৰ লক্ষ্য আছিল যাতে পিছে পিছে আহি থকা ট্ৰাকখন কাৰো নজৰত নপৰে। কিন্তু ট্ৰাকখনৰ লগতে বিশেষ ব্যক্তি দুজনো নজৰত পৰে আৰক্ষীৰ। বিশেষ ব্যক্তি দুজনে বিপদৰ উমান পাই পলায়নৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। শেষত আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতে পোহৰলৈ আহে যে ইনোভাৰ ভিতৰত বহি অহা দুই ব্যক্তি হৈছে গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰা বুলি দাবী কৰা অহা সংগঠন অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদক। আশ্বৰ্যজনক কথা এয়ে যে কিছুদিন পূৰ্বে  চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে সংবাদমেলৰো আয়োজন কৰিছিল এই সংগঠনটোৱে।

 

♦ চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িতসকল, গোসাইগাঁও থানাত


 

ক’লৈ গৈ আছিল ট্ৰাকখন?


কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে অসমৰ মাজেৰে মেঘালয়লৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে আন আঠজন সদস্যকো আৰক্ষীয়ে আটক কৰিছে। এই ৮জনৰ মাজত আছে এজন পশু চিকিৎসকো। আৰক্ষীয়ে গেংটোৰ পৰা পশ্চিমবংগৰ পঞ্জীয়নকৃত এখন মাৰুটি এল্টো গাড়ীেয়ো (WB 70 L 8539) জব্দ কৰিছে। ঘটনা সন্দৰ্ভত গোসাঁইগাঁও থানাত আৰক্ষীয়ে এক গোচৰো (৩৮৮/২০১৯) ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।

 

৩ বছৰত সহস্ৰাধিক গৰু জব্দ


কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদ মাধ্যমক জনাইছে যে গৰুৰ অবৈধ চিণ্ডিকেট, অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিগত ২০১৬ চনৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে নিৰবচ্ছিন্নভাৱে ভাৱে কাম কৰি আহিছে। যোৱা তিনিটা বৰ্ষত  কোকৰাঝাৰ আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰক লৈ ৫৪টা গোচৰ ৰজু কৰাৰ লগতে ২৫ খন বাহন, ১২৩৮ টা গৰু জব্দ কৰাৰ লগতে ১৬২জন গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰিছে। 

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us