কোকৰাঝাৰঃ ৰাজ্যত ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। শাৰীৰিক, মানসিক নিৰ্যাতনৰ উপৰিও যৌতুকজনিক কাৰণত নাৰী নিৰ্যাতনৰ ফলত বহু বোৱাৰী অকালতে হেৰাই যোৱাৰ উপৰিও কিছুমানৰ সংসাৰ অকালতে ভাগি গৈছে ।

কি সম্ভ্ৰান্ত কি মধ্যবিত্ত, নাৰী নিৰ্যাতনৰ কলা হাঁতোৰাই ক্ৰমান্বয়ে সকলোকে গ্ৰাস কৰাত সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি আহি পৰিছে । এনে এক ক্ষণতে কোকৰাঝাৰ জিলাৰ ছোট' ভদেয়াগুৰী নিৱাসী জুৰান অালিৰ পুত্ৰ তথা এছএছবিৰ জোৱান মহিৰুল ইছলামৰ বিৰুদ্ধেও  সম্প্ৰতি নাৰী নিৰ্যাতনৰ অভিযোগ উঠাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ধুবুৰী জিলাৰ লক্ষীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত মহাজন পাৰাৰ এগৰাকী যুৱতীৰ সৈতে এছএছবিৰ জোৱান তথা ছোট' ভদেয়াগুৰীৰ বাসিন্দা মহিৰুল ইছলামৰ সতে অাজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহৰ পিছৰে পৰা যৌতুকজনিত কাৰণত মহিৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালে উম্মে হাবিবাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি উম্মে হাবিবাই নিজৰ স্বামী , শহুৰ, শাহুৱেক আৰু ননদৰ বিৰুদ্ধে কালি সন্ধিয়া কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে।

এজাহাৰত উল্লেখ থকা অনুসৰি কৰ্ম সুত্ৰে বিহাৰত থকা এছ.এছ.বিৰ জোৱান তথা স্বামী মহিৰুল ইছলামে বিহাৰৰ পৰাই টেলিফোন যোগে যৌতুক বিচাৰি অকথ্য গালি- গালাজ কৰাৰ উপৰিও ছুটি লৈ ঘৰলৈ আহিলে লাঠিৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰাৰ লগতে কেবাবাৰো প্ৰাণে মৰাৰ চেষ্টা চলায় ৷ আনহাতে শাহুৱেক আৰু ননদ গৰাকীয়েও যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলোৱাৰ উপৰিও ডিঙিত উৰণী মেৰিয়াই কেবাবাৰো প্ৰাণে মৰাৰ চেষ্টা চলাইছিল ৷

ইমানতেই ক্ষান্ত নাথাকি বিবাহৰ ছমাহ পিছত অন্তঃসত্বা হোৱাত শহুৰ আৰু শাহুৱেকে তাইক বলপূৰ্বক ভাৱে দৰৱ খুৱাই গৰ্ভপাত কৰাইছিল বুলি এজাহাৰত উল্লেখ কৰিছে । স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পিতৃগৃহত আশ্ৰয় লোৱাত স্বামী মহিৰুল ইছলামে ছুটি লৈ ঘৰলৈ আহি পত্নীৰ পিতৃগৃহত উপস্থিত হৈও অশ্লীল গালি-গালাজ কৰাৰ উপৰিও মাৰধৰ কৰে বুলি এজাহাৰত উল্লেখ কৰিছে৷

লক্ষণীয় যে স্বামীগৃহই যৌতুক বিচাৰি  অকথ্য নিৰ্যাতন চলোৱাত মহিলা গৰকীয়ে মানসিকভাৱে ভাগি পৰে আৰু ঘটনাটো সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুক অৱগত কৰে ৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ সহযোগত ন্যায় বিচাৰি ৰবিবাৰৰ নিশা কোকৰাঝাৰ সদৰ থানাত স্বামী,শহুৰ,শাহুৱেক আৰু ননদ গৰাকীৰ বিৰুদ্ধে এক গোচৰ তৰে ৷ আৰক্ষীয়ে গোচৰ নং ১২২/১৭ মৰ্মে ভাৰতীয় দন্ডবিধি আইনৰ ৪৯৮(এ)৩০৭/৩১৩/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ইপিনে ছালাকাটিৰ আঠমহীয়া গৰ্ভৱতী মহিলা এগৰাকীয়ে বগুলামাৰীস্থিত স্বামীগৃহত যৌতুকজনিত নিৰ্যাতন সহিব নোৱাৰি কীটনাশক দ্ৰব্য পান কৰি আত্মহত্যাৰ অপচেষ্টা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা নিৰ্যাতিতা মহিলাগৰাকী সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যাক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । বিদ্যাপুৰ উপ আৰক্ষী চকীত নিৰ্যাতিতা মহিলাগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰ অনুসৰি বিলাসপুৰৰ আব্দুল অালিৰ সতে তেওঁৰ কন্যাৰ অাজিৰ পৰা পাঁচ বছৰ পূৰ্বেই বিবাহ সম্পন্ন হৈছিল যদিও প্ৰায়ে যৌতুকজনিত নিৰ্যাতন সংঘটিত হোৱাত তেওঁ মাজে-সময়ে যৌতুকৰ ধন অাদায় দি আহিছিল।

এটি চাৰি বছৰীয়া কন্যা সন্তানৰ মহিলাগৰাকী সম্প্ৰতি আঠ মাহৰ গৰ্ভৱতী হোৱা সত্বেও স্বামীগৃহই ২৫ ফেব্ৰুৱাৰী নিশা যৌতুকৰ দাবীত ঘৰৰ খুটাত বান্ধি লাঠীৰে প্ৰহাৰ কৰাৰ ফলত হনুফা অচেতন হৈ পৰে । পুৱতি নিশা অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীৰ দিনাখন চেতন ঘূৰি অহাত লাজে অপমানে জৰ্জৰিত হৈ তেওঁৰ কন্যাই আত্মহত্যাৰ প্ৰচেষ্টা লৈছিল বুলি এজাহাৰকাৰী খাদেম আলিয়ে উল্লেখ কৰি স্বামী, শহুৰ আৰু শাহুৱেকৰ বিৰুদ্ধে বিদ্যাপুৰ উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে মহিলাগৰাকীৰ লগতে তেওঁৰ গৰ্ভস্থ সন্তানৰ অৱস্থা বৰ্তমানেও সংকটমুক্ত নহয় বুলি চিকিৎসকে সদৰী কৰিছে।