কোকৰাঝাৰঃ কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগনত শনিবাৰৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱ অনুষ্ঠান৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

উল্লেখ্য যে, কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়খনৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱৰ মুখ্য আহ্বায়িকা তথা কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ অধ্যক্ষা লাৰ্লী ব্ৰহ্মই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটি শুভ উদ্বোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে বড়োলেণ্ড আৰু অন্যান্য দেশ সমূহৰ সৈতে সম্বন্ধ অটুট ৰখাত যথেষ্ট সহায় কৰিব বুলি কয়৷

ইতিমধ্যে মহোৎসৱত ৰাছিয়া, ইটালী, ফ্ৰান্স, আমেৰিকা, ৰোমানিয়া, থাইলেণ্ড, ভিয়েটনাম, বাংলাদেশৰ বহু বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰিছে৷ অনুষ্ঠানত বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শেখৰ ব্ৰহ্ম, জিলা উপাযুক্ত নিৰঞ্জন বৰুৱা আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱ অহা ২৩ মাৰ্চত সামৰণি পৰিব বুলি মহোৎসৱৰ মুখ্য আহ্বায়িকা লাৰ্লী ব্ৰহ্মই সদৰী কৰিছে।