কোকৰাঝাৰঃ কোকৰাঝাৰৰ নিলগৰ  চিনিতোলাপাৰা গাঁৱত আজি কন্যাৰ বিবাহৰ দিনাই পিতৃক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ অহা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 

জানিব পৰা মতে কোকৰাঝাৰৰ চিনিতোলাপাৰাৰ ছলেমান আলি মণ্ডলৰ কন্যা হালিমা বেগমৰ সৈতে জিলাখনৰ সাপটগ্ৰাম বালাপাৰাৰ মুছলীম সেখৰ পুত্ৰ আসাত আলিৰ সৈতে আজি বিবাহৰ দিন ঠিক কৰা হৈছিল ৷ সেই মতে কইনা ঘৰৰ লগতে দৰা ঘৰতো বিবাহৰ সম্পূৰ্ণ আয়োজন শেষ হোৱাৰ সময়তে চিনিতোলাপাৰাৰ কইনা ঘৰত  অকস্মাৎ আৰক্ষীৰ আগমন ঘটে ৷

পিছত আৰক্ষীয়ে  নাবালিকা কইনাক বিবাহ দিয়াৰ অভিযোগত পিতৃ ছলেমান আলি মণ্ডলক আটক কৰি কোকৰাঝাৰ সদৰ থানাত লৈ আনে ৷ অৱশ্যে পিছত কইনাৰ জন্মৰ প্ৰমান পত্ৰ অনুযায়ী কইনা গৰাকীৰ ১৮ বছৰ অতিক্ৰম কৰা বুলি নিশ্চিত হোৱাত কইনাৰ পিতৃক মুকলি কৰি দিয়ে ৷  

উল্লেখ্য যে  নাবালিকা ছোৱালী বিয়া দিয়াৰ অভিযোগ তুলি কোনোৱে কোকৰাঝাৰ সদৰ থানাত দিয়া অভিযোগৰ পিছতেই আৰক্ষীয়ে কইনা ঘৰত উপস্থিত হৈ চালিজাৰি নোচোৱাকৈয়ে কইনাৰ পিতৃ ছলেমান আলি মণ্ডলক আটক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷