কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডই যাতে ৰাজ্যত অশান্তিৰ বাতাবৰণ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰত বিপিএফৰ উদ্যোগত সৰ্বদলীয় এক শান্তি সভা অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ গড়কাপ্তানী বিভাগৰ অতিথিশালাত অনুষ্ঠিত আজিৰ শান্তি সভাত বিপিএফৰ দুগৰাকীকৈ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্মই উপস্থিত থাকি চিলাপথাৰ ঘটনাৰ পৰিণতিত যাতে কোনো অশুভ শক্তিয়ে বিটিএডিত অশান্তিৰ বাতাবৰন সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি বিভিন্ন দল -সংগঠনক লৈ শান্তি সভাৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে৷

নেতাদ্বয়ে লগতে আজিৰ শান্তি সভাৰ যোগেদি বিটিএডিত  বসবাস কৰা সকলো জাতি জনগোষ্টীৰ লোকক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ আহবান জনাই চিলাপথাৰৰ দৰে ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবেও সচেতন হোৱাৰ আহ্বান জনায় ৷ উল্লেখ্য যে বিপিএফৰ শান্তি সভাত নিখিল বংগ সাহিত্য সন্মিলন,আছু,নাগৰিক মঞ্চ,বুদ্ধিজীৱি আৰু স্থানীয় একাংশ সচেতন ব্যক্তিও অংশগ্ৰহণ কৰে। 

আনহাতে আজি কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন ৰাজনৈতিক,অৰাজনৈতিক দল ,  সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ এক শান্তি সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত শান্তিসভাত আছু, এবছু, বেংগলী ফেডাৰেচন, আছা, আমছু , বিজেপি , অগপ আদি দল সংগঠন সমূহৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

উক্ত সভাত উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে চিলাপথাৰত সংঘটিত হোৱা ঘটনাই সাম্প্ৰদায়িক বিভেদৰ বীজ যাতে সিঁচিব নোৱাৰে তাৰ বাবে সকলো পক্ষকে সংযমৰে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা শান্তিসভাত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেও উপস্থিত থাকে ।

ইফালে চিলাপথাৰ আছুৰ কাৰ্যালয়ত দুষ্কৃতিকাৰীয়ে কৰা দুষ্কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা জনাইছে আলোচনা পন্থী বাঙালী জনমুক্তি বাহিনীৰ অধ্যক্ষ ৰঞ্জন চন্দ্ৰ সৰকাৰ ওৰফে ৰাজু সেনে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত চিলাপথাৰৰ ঘটনাক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনাই ঘটনাটোৰ সৈতে জড়িত চক্ৰটোক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ৰাজু সেনে ৷