গুৱাহাটীঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী, গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত কৃষ্ণ ৰায় মেধিয়ে সোমবাৰে পুৱা মহানগৰীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে৷

কৃষ্ণ ৰায় মেধি কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি, হাতীগাঁও নৱাৰুণ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক, মাইবং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে মৃত্যুৰ প্ৰাকমুহূৰ্তলৈতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল৷

বিশিষ্ট নাগৰিকগৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে হাতীগাঁওস্থিত ললিতচুবুৰীৰ নিজ বাসগৃহত  অলেখ গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে৷তেওঁৰ মৃত্যুত সদৌ অসম পেন্সন আৰু ফেমিলি পেন্সনাৰ্চ সন্থা, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ হাতীগাঁও আঞ্চলিক সমিতি, বৃহত্তৰ হাতীগাঁও-সিজুবাৰী ৰঙালী বিহু উৎযাপন সমিতি, নৱাৰুণ সাহিত্য সভা, বৃহত্তৰ হাতীগাঁও-সিজুবাৰী নাগৰিক সমিতি, হাতীগাঁও ব্যৱসায়ী সন্থা, অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন, ৰেডিয়েণ্ট যুৱ সংঘ, শ্বাহ মমদুম শ্বাহ বাবাৰ মাজাৰ পৰিচালনা সমিতি, হাতীগাঁও কেতেকী তল দুৰ্গা পূজা মন্দিৰ পৰিচালনা সমিতি, হাতীগাঁও সিজুবাৰী ঈদগাহ-কৱৰস্থান পৰিচালনা সমিতি, হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি, সিজুবাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আদিয়ে কৃষ্ণ ৰায় মেধিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

ৰাজ্যখনে এগৰাকী সুযোগ্য সন্তান হেৰুৱাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰা তথা সাহিত্য-সংস্কৃতিৰ হকে কাম কৰা লোক হেৰুৱালে বুলি দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে মত ব্যক্ত কৰে৷ কেৱল হাতীগাঁও অঞ্চলৰে নহয় কৃষ্ণ ৰায় মেধি অসমৰ ইতিহাসৰ উত্থাপ-পতনৰ সাক্ষী আছিল বুলি কয় দল-সংগঠনে৷

দেওবাৰে দিনৰ ১২ বজাত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী তথা বৃহত্তৰ হাতীগাঁও অঞ্চলৰ কেইবাশতাধিক লোকে বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ কৃষ্ণ ৰায় মেধিৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনেৰে অন্তিম যাত্ৰা কৰা হয়৷ পুষ্পসজ্জিত বাহনেৰে তেওঁৰ মৃতদেহ কঢ়িযায় নিয়াৰ সময়ত হাতীগাঁওস্থিত ৰেডিয়ান যুৱ সংঘ, হাতীগাঁও ব্যৱসায়ী সন্থা, কেতেকী তল দুৰ্গা মন্দিৰ, হাতীগাঁও হাইস্কুল আদিত বিভিন্ন লোকে অন্তিম শ্ৰদ্ধা যাচে৷ তাৰ পিছতে অসম সচিবালয়, খ্ৰীষ্টান বস্তি, অসম সাহিত্য সভাৰ কাৰ্যালয়, গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কৃষ্ণ ৰায় মেধিক অগণন গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা যাচে৷

কৃষ্ণ ৰায় মেধিৰ মৃত্যুত বৃহত্তৰ হাতীগাঁও-সিজুবাৰী এলেকাত শোকৰ ছাঁ পৰে৷ বৃহত্তৰ হাতীগাঁও-সিজুবাৰী এলেকাৰ অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়ীয়ে দোকান-পোহাৰ বন্ধ কৰি শোক পালন কৰি কৃষ্ণ ৰায় মেধিক সমবেদনা জ্ঞাপন কৰে৷ কৃষ্ণ ৰায় মেধিয়ে পত্নী, দুগৰাকী পুত্ৰ, দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়৷

♦ প্ৰাক্তন আছু নেতা নুৰুল  হ’কৰ শোক প্ৰকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হ’কে বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক কৃষ্ণ ৰায় মেধিৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ হ’কে বিবৃতিৰ জৰিয়তে ৰায়ৰ মৃত্যু অসমীয়া সমাজখনৰ বাবে বৃহৎ ক্ষতি বুলি কয়৷ ৰায় অসমীয়াৰ জাতিৰ সু-চিন্তক আৰু সাধাৰণ মানুহৰ কথা ভবা লোক আছিল বুলি কয়৷ হাতীগাও অঞ্চলৰ আটাইৰে আদৰ্শৰ লোক আছিল বুলি কৈ নুৰুল হ’কে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷