ডিজিটেল ডেস্কঃ চোৰাংচোৱাৰ সন্দেহত ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক পাকিস্তানে মৃত্যুদণ্ড বিহাৰ খবৰ পোৱা মাত্ৰকে আত্মগোপন কৰিছে তেওঁৰ শোকাহত পৰিয়ালটো। সংবাদমাধ্যমৰ লোকসকলে যিসময়ত এটা মাত্ৰ বাইট ল’বৰ বাবে উন্মাদৰ দৰে তেওঁলোকৰ সন্ধানত আছে, সেই সময়তে নিজ গৃহৰ পৰা অজান ঠাইত বাহৰ পাতিছে পৰিয়ালৰ সদস্যসকল।

চুবুৰীয়াসকলে জনোৱা মতে, যাদৱৰ পুত্ৰ শুভংকৰ আৰু কন্যা ভাৰ্ভিয়ে দেওবাৰে পুণেৰ পৰা নিজ গৃহলৈ আহিছিল। কিন্তু মুম্বাইৰ হীৰানন্দিনী গাৰ্ডেনস্থিত ৫০২ বি ছিলভাৰ ওক এপাৰ্টমেণ্টৰ উক্ত ঘৰটো এতিয়া জনশূন্য। যাদৱৰ পুত্ৰ-কন্যাৰ লগতে তেওঁৰ পত্নী আৰু মাতৃয়ো সোমবাৰে মৃত্যুদণ্ডৰ খবৰ পোৱাৰ লগে লগে শোকত ভাগি পৰে।

জানিব পৰা মতে, বিদেশ মন্ত্ৰণালয়ৰ দৰে তেওঁলোকেও যাদৱক লৈ পাকিস্তানত যে বিচাৰ চলি আছে সেই বিষয়ে অজ্ঞাত আছিল। সেয়ে খবৰটো শুনা মাত্ৰকে শোকত ভাগি পৰাৰ মাজতে সংবাদ মাধ্যমৰ অনাহক প্ৰশ্নৰ পৰা হাত সাৰি থাকিবলৈকে নিজ গৃহ এৰি অজ্ঞাত স্থানলৈ গমন কৰে পৰিয়ালৰ সদস্যলকলে।

যাদৱৰ পিতৃ সুধীৰ যাদৱ আৰু ককায়েক সুভাষ যাদৱ দুয়োজনেই মুম্বাই আৰক্ষীৰ এছিটেণ্ট কমিছনাৰ হিচাবে অৱসৰ গ্ৰহণ কৰিছে। বৰ্তমান দক্ষিণ-পশ্চিম মহাৰাষ্ট্ৰৰ ছাংলিত অৱসৰ জীৱন যাপন কৰিছে কুলভূষণৰ পিতৃয়ে। কিন্তু কালিৰ ঘটনাৰ পিছতে পিতৃৰো কোনো সম্ভেদ পোৱা হোৱা নাই।

কুলভূষণ গ্ৰেপ্তাৰ হোৱাৰ পিছতে মুক্তিৰ দাবীত প্ৰচাৰ আৰম্ভ কৰিছিল অঞ্চলটোত থকা তেওঁৰ বন্ধু-বান্ধৱীসকলে। 'আমি শংকা কৰিছিলো যে, পাকিস্তানে কুলভূষণক সৰবজিৎ কৰি তুলিব।’- এইদৰে কয় কুলভূষণৰ অন্যতম বন্ধু তুলসীদাসে। অৱশ্যে পৰিয়ালৰ সদস্যসকল বৰ্তমান কোন স্থানত আছে সেই সম্পৰ্কে জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে বন্ধুজনে। (উৎসঃ মুম্বাই মিৰৰ)