newsnextone.com | গুৱাহাটীঃ পৰিবহণৰ ক্ষেত্ৰখনৰ ৰং সলনি কৰিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত আৰম্ভ কৰা ‘লা-কেৱ’ সেৱা শীঘ্ৰে আৰম্ভ হ’ব মেঘালয়ৰ ৰাজধানী শ্বিলংত৷ উবেৰ-অলাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাৰ সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলি থকা ‘লা-কেৱ’ৰ চাৰিচকীয়া বাহন এইবাৰ চলিব চুবুৰীয়া ৰাজ্যত৷ 

শ্বিলং মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ ‘লা-কেৱ’ সেৱা আৰম্ভ কৰিব মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ড০ কবিন চন্দ্ৰ বড়োৱে৷ মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ড০ কবিন চন্দ্ৰ বড়োৱে কয় যে শীঘ্ৰে শ্বিলংত আৰম্ভ হ’ব লা-কেৱ সেৱা৷ শুকুৰবাৰে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ড০ কবিন চন্দ্ৰ বড়োৱে গুৱাহাটীৰ লা-কেৱৰ কাৰ্যালয়লৈ আহি এই কথা ঘোষণা কৰে৷ বড়োৱে থলুৱাৰ প্ৰতিষ্ঠানটোক অসমৰ ৰাইজক সহায় কৰিবৰ বাবে আহ্বান জনায় আৰু দেশৰ বিভিন্ন প্ৰান্তত এই সেৱা আৰম্ভ হ’ব বুলি কয় বড়োৱে৷

অসমীয়া যুৱকৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰীত আৰম্ভ হৈছিল ‘লা-কেৱ’ সেৱা৷ উবেৰ-অলাক প্ৰত্যাহ্বান জনাই হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাক সপোন পূৰণ কৰিবলৈ ১৯ জুনৰ পৰা গুৱাহাটীত ৰাজপথত চলি আছে লা-কেৱৰ চাৰিচকীয়া বাহন৷