ঢেকীয়াজুলিঃ ২০০৩চনত চপাই চাহ বাগিচাত শ্ৰমিকে দুগৰাকী পৰিচালকক বাংলাৰ চৌহদতে জ্বলাই নৃংশসতাৰে হত্যা কৰি শোষণৰ বিৰুদ্ধে চৰম প্ৰতিশোধ লোৱা ঘটনাই আজিও অঞ্চলবাসীক শিহৰিত কৰি তোলে৷ এই ঘটনাৰ পিছতে ২০০৩চনত চপাই চাহ বাগিচা ৫০ দিন বন্ধ হৈ পৰিছিল৷ সেই সময়ত এই ঘটনাই কপাঁই গৈছিল সমগ্ৰ ৰাজ্য৷

আজি পুনৰ সেই চপাই চাহ বাগিচাত কৰ্মৰত সহশ্ৰাধিক শ্ৰমিকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে পৰিচালকৰ কাৰ্য্যালয় ঘেৰাও কৰি এক প্ৰকাৰ শ্ৰমিক বিদ্ৰোহৰ সূচনা কৰে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চপাই চাহ বাগিচাত শ্ৰমিকসকলে আজি পুৱাৰ ভাগত কামলৈ যোৱাৰ বিপৰীতে বাগিচাৰ কাৰ্য্যালয়ৰ চৌহদত এক গোট হৈ সাব্যস্ত কৰে প্ৰতিবাদ।

সপ্তাহিক মজুৰি দিয়া আৰু মজুৰিৰ ৰছিদ দিয়াৰ ব্যৱস্থা কৰা, বাগিচাখনত কৰ্মৰত স্থায়ী-অস্থায়ী শ্ৰমিকসকলৰ পি এফৰ ব্যৱস্থা কৰা, বাগিচাৰ শ্ৰম আইন অনুসৰি খোৱাপানী, ঘৰ নিৰ্মাণ,ৰেচন, ছাতি, ত্ৰিপাল, চেণ্ডল, ইত্যাদি সামগ্ৰী, ৯০দিনৰ ভিতৰত অৱসৰপ্ৰাপ্ত শ্ৰমিকে পাবলগীয়া সম্পূৰ্ণ ধন আদায় দিয়া, ২০১৬ বৰ্ষৰ ছুটীৰ পইচা শীঘ্ৰেই আদায় দিয়া আদি দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক শোষণ বঞ্চনা বন্ধ কৰক, আমাৰ প্ৰাপ্য অধিকাৰ আদায় দিবই লাগিব, শ্ৰমিক ঐক্য জিন্দাবাদ, আজি শ্ৰমিক জাগিছে, শোষণকাৰী মালিক পক্ষ আৰু পৰিচালক হায় হায়, শ্ৰমিকৰ ওপৰত দাদাগিৰি নচলিব আদি শ্লোগানেৰে বাগিচাখনৰ শ্ৰমিকসকল এক গোট হৈ সমদল কৰি গৈ বাগিচাৰ কাৰ্য্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতৃত্বত আজি চপাই চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাটোৱে ৰাজ্য চৰকাৰ বিয়াগোম শ্ৰম বিভাগটোৰ অকৰ্মণ্যতাকে সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুক সংঘৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণ আছিল যদিও সহশ্ৰাধিক শ্ৰমিকক অবজ্ঞা কৰি পৰিচালকগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ পৰা শ্ৰমিকৰ সৈতে আলোচনা কৰাৰ বাবে ওলাই নাহিল৷

পিছত সংগঠনটোৰ শোণিতপুৰ জিলাৰ সম্পাদক ৰয়েল চৰেঙৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে বাগিচাৰ মুখ্য পৰিচালক গৰাকীক তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি আগন্তক ১৪দিনৰ সময় সীমা বান্ধি দি শ্ৰমিক সকলৰ দাবীসমূহ কাৰ্য্যকৰী কৰাৰ দাবী জনায়। অন্যথা বাগিচা বন্ধ আদি কাৰ্যসূচীৰ দৰে আন্দোলনৰ পথ গ্ৰহণৰ হুংকাৰ দিয়ে।

ইপিনে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ শোণিতপুৰ জিলাৰ সম্পাদক ৰয়েল চৰেং উপস্থিত থাকি চপাই চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলক দীৰ্ঘদিনৰ পৰাই শোষণ-বঞ্চনা কৰাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম শ্ৰম বিভাগটোকে জগৰীয়া কৰি ক্ষুৰধাৰ সমালোচনা কৰে চাহ শ্ৰমিকৰ নেতাজনে।