গুৱাহাটীঃ তাহানিৰ বৰ অসমৰ কথা কলেই আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথাই আগস্থান লাভ কৰে৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন, বাঘ হাজৰিকা আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷ এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷

লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷ ১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। মোগলৰ নৌ বাহিনীক ধৰাশয়ী কৰি   আহোম সৈন্যই  মোগলক পৰাস্থ কৰে। মোগলে অন্তিমবাৰৰ বাবে অসমলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰি লাচিতৰ বাবে বিফল হয়৷

মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটী নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে। আজিও আহোম মোগলৰ যুদ্ধ বুলি কলে অসমীয়া জাতিটোৱে একত্ৰিত হৈ থকাৰ সাহস পায়৷ জাতিটোৱে আহোম সাম্ৰাজ্যৰ সেনাপতি লাচিত বৰফুকনে অসমীয়া জাতিক এক কৰি থৈ গৈছিল৷ লাচিতে এই যুদ্ধৰ ব্যাপক প্ৰস্তুতি কৰিব লগা হৈছিল বুলি ইতিহাসে কয়৷ ওখ মাটিৰ গড় নিৰ্মাণ কৰি মোগলক ভেটাৰ চেষ্টা কৰিচিল৷

সেই গড়ৰ চিন অসমৰ ভিন্ন ঠাইত আজি আছে৷ বিশেষকৈ এই গড় সমূহ উজনি অসমৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ, ডিব্ৰুগড়, কামৰূপ জিলাত দেখা যায়৷ মোগলৰ সৈতে যুদ্ধ প্ৰস্তুতি কিছু দায়িত্ব নিজ মোমায়েকক বিশ্বাসত অৰ্পণ কৰিছিল৷ মুখে মুখে বাগৰি আহি থকা প্ৰবাদ মতে লাচিতে মোমায়েকৰ নেতৃত্বত এদল সেনাক যুদ্ধৰ কিছু দিন পূৰ্বে এটি গড় বান্ধিবলৈ দিছিল৷

লাচিতৰ হুকুম মানি দিন-ৰাত একাকাৰ কৰি সেনাই গড় বান্ধিছিল৷ অন্তিম দিনটোত গড় পৰিদৰ্শন কৰিবলৈ আহি লাচিতে মোমোয়েকক ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি শিৰচ্ছেদ কৰা বুলি প্ৰবাদ আছে৷ গড় নিৰ্মাণৰ কাম আগবঢ়াব নোৱাৰাৰ বাবেই তথা কৰ্তব্যত হেলা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ পিছত সেন্যই একে নিশাই গড়ৰ নিৰ্মাণ কৰিছিল।

লাচিতে সামৰিক আৰু অসামৰিক দিশক সুৰক্ষা দিয়াৰ পৰম্পৰা দি থৈ গৈছে অসমীয়া জাতিক। নিষ্ঠা-কৰ্তব্য, কৰ্মনিষ্ঠা, সততা, সাহস অসমীয়া জাতিয়ে সদায় লাভ কৰি আছে লাচিতৰ পৰা৷ আহোমৰ শাসনৰ কালৰ বিখ্যাত লুখৰাখন ফৈদৰ পৰিপক্ক লোকৰ বংশধৰ আছিল লাচিত। লাচিতে বহু সময় ধৰি কষ্ট-সংগ্ৰাম কৰি বৰফুকন হৈছিল। প্ৰথম ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা পিছত হে তেও বৰফুকন হৈছিল। লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ মহান সেনাপতি।

১৬৬৯ চনত তেও অসমীয়া সেনাক একত্ৰিত কৰি বাঘ হাজৰিকাৰ সহায়ত মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰপৰা খেদি পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ পৰিচয় দিছিল৷ প্ৰকৃত বিৰৰ পৰিচয় দিছিল লাচিতে৷ মোগলকত বিৰৰ বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেওত নাম জিলিকি আছে। এইগৰাকী বীৰৰ শুকুবাৰে জন্ম দিন৷ ইতিহাস মতে ১৬২২ চনত লাচিতৰ জন্ম হৈছিল৷ ২৪ নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়৷ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ পৰিচয় দিছিল৷ যাৰ পৰা অসমীয়া জাতিয়ে সাহস পায় আহিছে৷