লাডাখঃ লকডাউনৰ মাজতে বিজেপি ত্যাগ কৰিলে লাডাখৰ দলটোৰ সভাপতি চেৰিং দৰ্জেই। সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত বাতৰি অনুযায়ী কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে অব্যাহত থকা লকডাউনৰ সময়ত লাডাখৰ ভিন্ন স্থানত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত কেন্দ্ৰ চৰকাৰে  ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত গ্ৰহণ কৰে নেতাজনে।

ইতিমধ্যে নিজৰ পদত্যাগৰ সিদ্ধান্তৰ কথা সদৰী কৰি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডালৈ পত্ৰ প্ৰেৰণ কৰিছে দৰ্জেই। পত্ৰখনত তেওঁ লিখিছে যে লকডাউনত দেশৰ ভিন্ন স্থানত আৱদ্ধ হৈ থকা লাডাখৰ লোকসকলক ৰাজ্যখনলৈ ঘূৰাই আনিবলৈ চৰকাৰক দাবী জনাই অহাৰ পিছতো বিষয়টোক লৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বাবেই তেওঁ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় শাসিত নৱ গঠিত ৰাজ্যখনৰ প্ৰতি চৰকাৰৰ এনে ব্যৱহাৰ অতি দুৰ্ভাগ্যজনক আৰু আশ্বৰ্যজনক হিচাপেও অভিহিত কৰিছে নেতাজনে। তেওঁ কয় যে লেহ আৰু লাডাখৰ অতিকমেও ২০ হাজাৰ লোক দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। ইয়াৰ ভিতৰত আছে সাধাৰণ যাত্ৰী, অসুস্থ লোক আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী। 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দৰ্জেই কয় যে লোকসকলক ওভতাই আনিবলৈ তেওঁ লাডাখৰ লেফটেণেণ্ট গভৰ্ণৰৰ ওচৰত একাধিকবাৰ আবেদন জনালে যদিও কোনো ফল নধৰিলে। বাকী ৰাজ্যৰ চৰকাৰসমূহে এই বিষয়ত যিধৰণে তৎপৰতাৰে কাম কৰিছে সেয়া লাডাখত মুঠেই দেখিবলৈ পোৱা নগ’ল বুলিও তেওঁ দাবী কৰে।

সংকটৰ পৰিস্থিতিত লাডাখ প্ৰশাসনৰ এনে ব্যৱহাৰক অমানৱীয় আখ্যা দি তেওঁ কয় যে ৰাইজক বিপদত সেৱা আগবঢ়াব নোৱাৰিলে দলত থাকি ৰাজনীতি কৰাৰ কোনো অৰ্থ নাই। এনে কাৰণতে তেওঁ দলটোৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে।