লখিমপুৰঃ পহিলা বহাগৰ প্ৰথমটো দিনতেই দেখা গৈছে বোকা খেল উদযাপন কৰা।

এইটো দৃশ্য হৈছে লখিমপুৰ জিলাৰ ২ নং এজাৰগুৰি গাঁৱৰ।  এই গাঁৱৰ সকলো শিশু, বোৱাৰী, জীয়ৰী, যুৱক, যুৱতী আৰু বুঢ়া মেথা সকলোৱে  বিগত বছৰবোৰৰ দৰে এই বছৰো বোকা খেল খেলি আনন্দ উপভোগ কৰে।

হাতামপুৰুষীয়া পৰম্পৰা কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখি সকলোৱে বোকাৰে লুটুৰি পুতুৰি হৈ এজনে আনজনক বোকা সানি উদযাপন কৰে বোকা খেল।

উল্লেখযোগ্য যে, এই খেল খেলিলে খৰ খজুৱতি, চালৰ ৰোগৰপৰা মুক্ত হয় বুলি ৰাইজে বিশ্বাস কৰে।

যাৰ বাবে এই বিশ্বাস পৰম্পৰাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে স্থানীয় ৰাইজে৷