লখিমপুৰঃ লখিমপুৰৰ নাওবৈচাৰ দলহাতত কিশোৰীক ধৰ্ষণৰ ঘটনাসংঘটিত হয়৷ তিনি পাষণ্ডই উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১৭ বছৰীয়া কিশোৰীক৷

এই ঘটনা সংঘটিত হৈছিল ২০ জুলাইৰ শনিবাৰে নিশা৷ কিন্তু মঙলবাৰেহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো৷

দ'লহাতৰ সুবল বিশ্বাস নামৰ কিশোৰ প্ৰেমিকৰ ঘৰলৈ গৈছিল কিশোৰী গৰাকী৷

নিজৰ ঘৰলৈ উভতাৰ পথত কিশোৰী গৰাকীক প্ৰদীপ চৰকাৰ ওৰফে খুচি নামৰ যুবকজনৰ লগত থকা আন দুজন বন্ধু ক্ৰমে সঞ্জীৱ বিশ্বাস আৰু ৰাজেন ভূমিজৰ লগ লাগি উপৰ্যুপৰি ৰাতিটো ভয় ভাবুকিৰে চাকু দেখুৱাই এই ঘৃণনীয় অপৰাধ কৰে৷

ঘটনা সন্দৰ্ভত দ'লহাত আৰক্ষী চকীত কিশোৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত দলহাত আৰক্ষীয়ে প্ৰদীপ চৰকাৰ ওৰফে খুঁচি আৰু ৰাজেন ভূমিজক ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে। আনহাতে পলাতক হৈ আছে সঞ্জীৱ বিশ্বাস।