কোকৰাঝাৰঃ বিভিন্ন গোটত বিভক্ত হৈ থকা আত্মসমৰ্পণকাৰী আলফা, আলোচনাপন্থী আলফাসকলক একগোট কৰাৰ উদ্দেশ্যৰে তথা নগাঁৱৰ নেহৰুৱালিত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া আলফাৰ অভিৱৰ্তন সাফল্যমণ্ডিত কৰি তুলিবলৈকে আজি আলফাৰ জ্যেষ্ঠ নেতা অনুপ চেতিয়াই কোকৰাঝাৰ ভ্ৰমণ কৰি প্ৰাক্তন আলফা সদস্যসকলক সাক্ষাৎ কৰি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ফলপ্ৰসু আলোচনা কৰে ।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আলফাসকলৰ দ্বাৰা আয়োজিত হোৱা এক সভাত আলফাৰ জেষ্ঠ্য নেতা ক্ৰমে অনুপ চেতিয়া , মৃণাল হাজৰিকা , প্ৰাণজিৎ শইকীয়া,কল্পজ্যোতি নেওগ আৰু ললিত দেউৰী উপস্থিত থাকি ছহীদ পৰিয়াল , আত্মসমৰ্পণকাৰী আৰু অালোচনাপন্থী আলফাৰ সমস্যা-সমাধান সম্পৰ্কত আলোচনা কৰে ।

নগাঁওৰ নেহেৰুৱালীত অনুষ্ঠিত হবলগীয়া মহা একত্ৰিকৰণৰ পূৰ্বে প্ৰতিখন জিলা ভ্ৰমণ কৰি ঐক্যৱদ্ধকৰণৰ সপক্ষে যুক্তি আগবঢ়াই অহা অনুপ চেতিয়াই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সপক্ষেও মন্তব্য আগবঢ়াইছে ।

তদুপৰি বিটিএডিত থকা প্ৰাক্তন আলফাসকলৰ পুনৰসংস্থাপনৰ দিশটোৰ বিষয়ে কালি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সতে আলোচনাত বহাৰ কথা সদৰী কৰি আলোচনা অতি ধনাত্মক আছিল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰাক্তন আলফাৰ পুনৰ সংস্থাপনৰ নামত ৫০০ বিঘা মাটি লীজত দিয়াৰ সন্মতিৰ কথাও সদৰী কৰিছে অনুপ চেতিয়াই ।

আনহাতে অালফা(স্বাধীন), কেএলঅ, এনডিএফবি(সং)কো ভাৰত চৰকাৰে সন্মানসহকাৰে আলোচনাৰ মেজলৈ আহ্বান জনোৱা উচিত বুলিও মত ব্যক্ত কৰে অনুপ চেতিয়াই।