মুম্বাইঃ কৰ'না ভাইৰাছত আক্ৰান্ত হোৱাসকলৰ সহায়ৰ বাবে বিভিন্নজনে চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।  নামী-দামী কোম্পানী, ষ্টাৰ, ব্যৱসায়ী সকলো। এইসকল নামী-দামী লোকে পি এম কেয়াৰ ফাণ্ডলৈ আগবঢ়াইছে কোটিৰ ঘৰত সাহায্য। কোটি টকা আগবঢ়োৱা এইসকলৰ মাজতে এইবাৰ নাম সন্নিবিষ্ট হ'ল এজন ইউটিউবাৰৰ। 

প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কোটি টকাৰ অনুদান আগবঢ়োৱা এইগৰাকী ইউটিউবাৰ হৈছে ভূষণ কুমাৰ। বিশ্বৰ ভিতৰতে সৰ্বাধিক ভিউৱাৰ্ছ থকা ইউটিউব চেনেলৰ অধিকাৰী  ভূষণ। চেনেলটো আপোনালোকৰো নিশ্চয় চিনাকি। নাম হৈছে 'টি ছিৰিজ'। এই টি ছিৰিজৰেই প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক আছে  ভূষণ। সংকটৰ সময়ত এতিয়া তেওঁ চৰকাৰলৈ আগবঢ়াইছে ১১ কোটি টকাৰ অনুদান। 

'আমি এতিয়া গভীৰ সংকটত। সকলো শ্ৰেণীৰ লোকক সহায় কৰাটো এতিয়া অতিশয় প্ৰয়োজনীয়। গতিকে আমি টি ছিৰিজ পৰিয়ালৰ ফালৰ পৰা প্ৰাইম মিনিষ্টাৰ কেয়াৰ ফাণ্ডলৈ ১১ কোটি টকা দান কৰিছো। আমি কৰ'নাৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে আৰু আমি যুদ্ধ কৰিবলৈ প্ৰস্তুত। জয় হিন্দ।'-এক টুইটযোগে এইদৰে সদৰী কৰিছে টি ছিৰিজৰ অধ্যক্ষগৰাকীয়ে।

ইয়াৰ উপৰিও ভূষণ কুমাৰে মহাৰাষ্ট্ৰ চৰকাৰকো ১ কোটি টকাৰ অনুদান আগবঢ়াইছে বুলি টুইটযোগে জানিবলৈ দিছে। 'মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টি চিৰিজ পৰিয়ালে এক কোটি টকা দান কৰিছো আৰু আশা কৰিছো আমি সকলোৱে অতি সোনকালেই এই সংকটৰ পৰা পৰিত্ৰাণ পাম। সকলো ঘৰত থাকক, সুৰক্ষিত হৈ থাকক।'- ইউটিউবাৰ ভূষণৰ আন এক টুইট।

টি ছিৰিজ কি?

টি ছিৰিজ এটা মিউজিক কোম্পানী। ইউটিউবত সৰ্বাধিক গানৰ কপিৰাইট এইটো কোম্পানীৰ নামতে আছে। ইউটিউবত এই কোম্পানীৰ চেনেলটোৰ আছে ১৩৪ মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ। ছুইডেনৰ ইউটিউব চেনেল PewDiePie ক অতিক্ৰমি দিনদিয়েক পূৰ্বে শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হৈছে এইটো চেনেলে। ১৯৮৩ চনত গুলচন কুমাৰে প্ৰতিষ্ঠা কৰা মিউজিক ৰেকৰ্ডিং কোম্পানী টি ছিৰিজে ২০০৬ চনত ইউটিউবত ভূমুকি মাৰিয়েই কোটি কোটি ভিউৱাৰ্ছৰ আপোন হৈ পৰে। এই টি-ছিৰিজৰ সৈতে গুলছন কুমাৰৰ পুত্ৰ ভূষণ কুমাৰ জড়িত হৈ পৰে ১৯৯৭ চনত।

কৰ'না ভাইৰাছৰ সংকটৰ সময়তেই প্ৰধান মন্ত্ৰী মোদীয়ে সাহায্য পুঁজি গঠন কৰিছিল। এই পুঁজিলৈ বৰ্তমান অক্ষয় কুমাৰে ২৫ কোটি, ক্ৰিকেটা ৰ সুৰেশ ৰাইনাই ৫২ লাখ, ইয়াৰে ৩১ লাখ পি এম কেয়াৰ ফাণ্ড আৰু ২১ লাখ পি এম ৰিলিফ ফাণ্ডত, আই এ এছ এছ'চিয়েছনে ২১ লাখ, স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ প্ৰশিক্ষক শৰদ কুমাৰে এক লাখ পি এম কেয়াৰ ফাণ্ডলৈ দান কৰে।

এইসকলৰ উপৰিও আন বহুতো ব্যৱসায়ীয়ে পি এম কেয়াৰ ফাণ্ডলৈ দান কৰাৰ কথা প্ৰকাশ কৰে টুইটৰ জৰিয়তে। প্ৰধানমন্ত্ৰী মোদীয়েও ৰি টুইট কৰি এই দানসমূহ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে।