লিডুঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন৷ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত ৰাজ্যৰ ১৬ খন জিলাৰ লগতে ১১ টা মহকুমাত  আজিৰে পৰা অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত, ৫ টা জিলা পৰিষদ, ৩ টা আঞ্চলিক পঞ্চায়ত আৰু ১৮ খন গাঁও পঞ্চায়তৰ মুঠ ২২০ টা ৱাৰ্ডৰ ভিতৰত প্ৰায় সংখ্যক ভোটগ্ৰহন কেন্দ্ৰতেই আজি পুৱা ৭ বজাৰ পৰাই ভোটদান কৰিবলৈ ওলাই আহিল শ শ সাধাৰণ ৰাইজ৷

মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়ততে পুৰুষ-মহিলা উভয়ে সদলবলে ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গ’ল৷ উল্লেখ্য যে, বিগত নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ ১৮ খন গাওঁ পঞ্চায়তৰ ভিতৰত শাসনাধিষ্ঠ বি জে পি দলে কেৱল তিনিখন পঞ্চায়তহে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল যদিও এইবাৰ নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ তুলনাত অধিক আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইফালে, অতি গুৰুত্বপূৰ্ণ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে বিবেচিত লিডু বজাৰ পঞ্চায়ত, শামুকজান পঞ্চায়ত, জাগুন পঞ্চায়তৰ ৫ আৰু ৬ নং ৱাৰ্ড, লেখাপানী পঞ্চায়ত, আদি এলেকাত বি জে পি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰত্যাহবানমুলক যুঁজ হোৱাৰ অাশংকা ব্যক্তি কৰিছে সাধাৰণ ৰাইজে৷

লিডু কলয়ৰী গাওঁ পঞ্চায়ত, আৰু কুমচাই গাওঁ পঞ্চায়তত বিজেপিৰ স্থিতি কংগ্ৰেছৰ তুলনাত কিছু পৰিমাণে ক্ষীন হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে একাংশ ৰাইজে৷ 
 
প্ৰায় ১,৯০,৭১১ গৰাকী ভোটাৰে পৰিপূৰ্ণ মাৰ্ঘেৰিটা সমষ্টিত বুঢ়ীদিহিং, কুমচাই, লেখাপানী, ইন্থেম, মাকুম পথাৰ ইত্যাদি গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱা যুঁজ খন  হাইভল্টেজৰ যুঁজ হ’ব বুলি বিবেচিত হৈছে৷ এই মূহূৰ্ত্তলৈকে দুয়োটা দলৰ মাজত কাৰ স্থিতি সৱল সেই বিষয়ে স্পষ্টকৈ কব পৰা নাযায় যদিও মাৰ্ঘেৰিটা সমষ্টিত পূৰ্বৰ তুলনাত বিজেপি দলে এইবাৰ কেইখনমান আসন অধিক লাভ কৰিব বুলিও সৰ্বত্ৰে চৰ্চা অব্যাহত আছে৷