filephoto
filephoto

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ চৰকাৰৰ মোডী বিৰুদ্ধে ১০০ বাওঁপন্থী সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ৷ এই কথা জানিবলৈ দিছে জেইজেএএ-ৰ সমন্বয় সমিতিৰ সদস্য হান্নান মোল্লাই৷ কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত গ্ৰহণ কৰা নীতি সমূহৰ বিৰুদ্ধে ২৩ মে’ত দেশৰ ৰাজধানী দিল্লীত বাওঁপন্থী দলৰ ১০০ সংগঠনে বিৰোধ প্ৰদৰ্শন কৰিব৷ 

জানিব পৰা মতে, এই কাৰ্যসূচীত ব্যৱসায়ী সংগঠনৰ নেতৃত্ববহনকাৰী জন একতা জন অধিকাৰ আন্দোলন, কৃষক সংগঠন, কৃষি শ্ৰমিক, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, বেংক আৰু বীমা কৰ্মী, কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক, ছাত্ৰ, মহিলা, দলিত, আদিবাসীৰ লগতে পৰিৱেশবিদসকলে ভাগ ল’ব৷ 

সমন্বয় সমিতিৰ সদস্য হান্নান মোল্লাই জানিবলৈ দিয়া মতে, দেশৰ শ্ৰমিক, কৃষক আৰু অন্যান্য শ্ৰেণীৰ সংগঠসমূহে জেইজেএএ-ৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰ সম্পূৰ্ণ কৰাৰ পাছত সাধাৰণ জনতাক উচিত মূল্য নিদিয়াৰ বাবেই বিৰোধ প্ৰদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনসমূহে৷ মোল্লাই লগতে কয়, ২৩ মেৰ বিৰোধ প্ৰদৰ্শনৰ দিনা বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হ’ব৷ 

এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে, চৰকাৰৰ ধ্বংসাত্মক তথা জনবিৰোধী নীতিৰ প্ৰভাৱৰ লগতে দেশৰ মহিলা, যুৱক সকলৰ সহিতে সকলো শ্ৰেণীৰ লোকক দি অহা মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা৷ উল্লেখ্য যে, অখিল ভাৰতীয় কৃষক সভাই মুম্বাইত সাব্যস্ত কৰা দীৰ্ঘ পদযাত্ৰাৰ সফল ৰূপায়ণৰ পাছত নেতাসকলে উপলব্ধি কৰা মতে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দেশৰ কেৱল বাওঁপন্থী সংগঠনবিলাকেহে যুঁজ দিব পাৰিব৷ অখিল ভাৰতীয় কৃষক সভাও জেইজেএএ-ৰেই অংগ৷ 

সমন্বয় সমিতিৰ আন এগৰাকী সদস্য কৃষ্ণপ্ৰসাদে জানিবলৈ দিয়া মতে, মহাৰাষ্ট্ৰ কৃষকসকলৰ ৰেলীৰ সময়ত দেখিবলৈ পাইছিলোঁ যে, আমি বাওঁপন্থীসংগঠন বিলাকেহে মোডী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সংঘৰ্ষ কৰিব পাৰিম৷