গুৱাহাটীঃ ৰাজ্য খনৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ বৃহস্পতিবাৰে বিধান সভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰেছৰ বিধায়কে৷ সদন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ-কনিষ্ঠ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰ জনসাধৰণক নিৰাপত্তা দিয়াত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

২১ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত এগৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ আলমতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ আইন শৃংখলাৰ ব্যাপক অৱনতি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিধানসভা চৌহদত কংগ্ৰেছ বিধায়ক একত্ৰিত হৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়৷

আনহাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা হেমন্ত চাওচড়ীয়া নামৰ ব্যৱসায়ীগৰাকীৰ গুৱাহাটীৰ বেলতলাৰ বাসগৃহত বুধবাৰে কংগ্ৰেছ আৰু ইউডিএফৰ একো একোটা দলে গৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷

কংগ্ৰেছৰ বিৰোধীৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্থ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, অকণ বৰা, নুৰুল হুদা আদিয়ে ঘটনাক গৰিহণা দি সমবেদনা জ্ঞাপন কৰে। ইপিনে ইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে উচিত তদন্ত কৰি হত্যাকাৰীক আটক কৰাৰ দাবী জনায়৷