গুৱাহাটীঃ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলাই৷ সোমবাৰে আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ জানিব পৰা মতে, বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে চালকক মদ্যপান কৰাই মূৰ্তিটো ভাঙিবলৈ উদ্যত কৰে৷ লেনিনৰ মূৰ্তিটো ভাঙি পেলোৱাৰ ভিডিঅ’টো ইতিমধ্যে ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷

ভিডিঅ’টোত বিজেপি সমৰ্থক ‘সকলে ভাৰত মাতা কি জয়’ শ্লগান দি পতাকা জোকাৰি থকা দেখা গৈছে৷ উল্লেখ্য যে চিপিএম আৰু বামপন্থী দলসমূহে এই কাৰ্যক ঘোৰ নিন্দা কৰে৷ ঘটনা সংগঠিত হোৱা এলেকাটোত উত্তপ্ত পৰিস্থিতিৰ সম্ভাৱনা দেখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷

ইতিমধ্যে আৰক্ষীয়ে মূৰ্তি ভঙা চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এক্সকেভেটৰখন জব্দ কৰিছে৷ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপি দলে বিজয়ী হোৱাৰ পাছত ৰাজ্যখনৰ বিভিন্ন ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ বামপন্থী দলৰ লোকক লক্ষ্য কৰি বিজেপি আৰু আইপিএফটি কাৰ্যকৰ্তাই মাৰপিট কৰা বুলি বামপন্থীয়ে অভিযোগ উত্থাপন কৰে৷

#ৰাষ্ট্ৰীয় নেতাৰ প্ৰতিক্ৰিয়া

#লেনিনৰ প্ৰতিমূৰ্তি বগৰাই পেলােৱাৰ পিছত ক্ৰমান্বয়ে হিংসাৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে ত্ৰিপুৰা৷ বামপন্থী দল সমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিজেপিৰ বিৰুদ্ধে আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে বামপন্থীয়ে৷ আনহাতে জেডিইউৰ সাংসদ হৰিবংশ ৰায়ে এনে ঘটনাক নিন্দা কৰে৷ চিপিআই নেতা এ ৰাজাই কয়, মই এনে হিংসাক নিন্দা কৰো৷ এনে ঘটনা লোকতন্ত্ৰৰ বাবে স্বীকাৰ্য নহয়৷ 

আমি বহুপক্ষ লোকতন্ত্ৰৰ লোক৷ কোনোবা দলে হাৰে কোনাবাই জয়ী হয়৷ ইয়াৰ দ্বাৰা ইয়াকে নুবুজায় কোনেৱে বৰ্বৰতা-হিংসাৰ আশ্ৰয় লয়৷ আইনক সতৰ্ক কৰিবলৈ হ’ল৷ আনহাতে সীতাৰাম য়াচুৰীয়ে, ত্ৰিপুৰাত যি হিংসা হৈছে ইয়াৰ দ্বাৰা স্পষ্ট হয় আৰএছএছৰ ফলাফল কি৷ হিংসাৰ বাহিৰে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ একো নাই৷ ত্ৰিপুৰৰা ৰাইজে ইয়াৰ উত্তৰ দিব৷

#লেনিনৰ আদৰ্শক কিয় ভয় কৰে পূঁজিপতিয়ে? পঢ়ক তলৰ কখা খিনি

বিশ্বৰ মহান বিপ্লৱীসকলৰ মাজৰ এজন বুলি কোৱা হয় ভ্লাডিমিৰ ইলিচ লেনিনক৷ পূঁজিবাদৰ বিৰুদ্ধে খাটিখোৱা, মেহনতি জনতা, শ্ৰমিক, কৃষকৰ হকে তীব্ৰ প্ৰতিবাদ কৰা লোকগৰাকীয়ে আছিল লেনিন৷ যাৰ সংগ্ৰামৰ ইতিহাসক বিশ্বই স্মৰণ কৰে৷

দৰিদ্ৰ-কৃষকৰ বাবে কৰা আন্দোলনৰ বাবে মহানায়ক বুলি কোৱা হয় লেনিনক৷ দৰিদ্ৰৰ বাবে জীয়াই থকাৰ অধিকাৰ, খাবলৈ পোৱাৰ অধিকাৰ, পিন্ধিবলৈ পোৱাৰ অধিকাৰৰ কথা কৈছিল৷ কেইগৰাকীমান লোকৰ হাতত সকলো ক্ষমতা, ধন, বল থকাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল৷

শ্ৰমিকৰ তেজেৰে বৰ মানুহ হোৱা মানুহে পূঁজিপতিয়ে শ্ৰমিকক অন্যায় কৰাৰ ফলস্বৰূপেই লেনিন হৈ পৰিছিল বিদ্ৰোহী৷ সমাজতন্ত্ৰৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয় লেনিনক৷ ছোভিয়েট ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাতা লেনিনে ১৮৭০ চনৰ ২২ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল৷ বিশ্বৰ মানুহে আদৰ কৰা নদী ভলগাৰ তীৰত উইলিয়ান ভস্কত জন্ম গ্ৰহণ কৰিছিল লেনিনে৷ তেওঁৰ জীৱন সংগ্ৰামেৰে ভৰা৷

তেওঁ জীৱনৰ বহু সময় স্কুল স্থাপন আৰু শিক্ষকতাৰ কামতেই অতিবাহিত কৰে৷ ইমানে নহয় শিক্ষা বিস্তাৰৰ বাবেও কাম কৰি গৈছিল৷ তেওঁৰ মাতৃ মাৰিয়াও আছিল শিক্ষয়িত্ৰী৷ সাহিত্য আৰু ভাষাৰ জ্ঞানী আছিল লেনিন৷ বহুমূখী শিক্ষাৰ অধিকাৰী আছিল তেওঁ৷

সৎ, বিনয়ী, নম্ৰ, পৰিশ্ৰমী আছিল৷ তেওঁ প্ৰকৃততে এগৰাকী মহান বিপ্লৱী আছিল৷ ৫ বছৰৰ পৰা শিক্ষা আৰম্ভ কৰি ৯ বছৰ বয়সতে প্ৰথম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিল৷ তেওঁৰ প্ৰথম শ্ৰেণীতে বিশেষ পুৰস্কাৰ লাভ কৰিছিল৷ পাঠ্যপুথিয়ে নহয় আন আন পুথিও পঢ়িছিল লেনিনে৷ ৰুছ সাহিত্যই তেওঁৰ চিন্তা-ধাৰা সলনি কৰিছিল৷

সেই সময়ত পূঁজিবাদৰ দ্ৰুত বিস্তাৰ হৈছিল৷ কল-কাৰাখানাত হাজাৰ হাজাৰ শ্ৰমিকে কাম কৰিছিল৷ কিন্তু সমানে ভূমিদাস প্ৰথা আৰু স্বৈৰাচাৰী হৈ পৰিছিল পূঁজিবাদী৷ পূঁজিবাদীয়ে শ্ৰমিকক অত্যাচাৰ কৰাৰ ছবিখনে লেনিনক যন্ত্ৰণা দিছিল৷ তাৰ বাবে বিদ্ৰোহী হৈ পৰিছিল লেনিন৷ শ্ৰমিকৰ হকে বহু প্ৰশ্ন উত্থাপন কৰিছিল লেনিনে৷ এই সংগ্ৰাম ৰৈ থকা নাছিল৷ সমগ্ৰ বিশ্বৰ বাবে লেনিন হৈ পৰিছিল মহানায়ক৷ 

মৃত্যুৰ পিছতো শ্ৰমিকৰ পথ প্ৰদৰ্শক হৈ থাকিল লেনিন৷ তেওঁ শ্ৰমিক-কৃষকৰ বাবে দেশৰ পৰা নিৰ্বাসিত হ’ব লগা হৈছিল৷ আত্মগোপন কৰিব লগা হৈছিল৷ ১৮৮৭ চনত তেওঁৰ ভাতৃক আলেক্সেণ্ডাৰ তৃতীয়ক হত্যাৰ অভিযোগত জাৰৰ চৰকাৰে চেন্ট পিটাৰ্চবাৰ্গত গ্ৰেপ্তাৰ কৰে৷ লগে লগে মৃত্যু দণ্ড দিয়া হয়৷ তাৰ লগে লগে জাৰৰ চৰকাৰৰ বিৰুদ্ধে লেনিন বিদ্ৰোহী হৈ পৰে৷ ভাতৃক ফাঁচি দিয়াৰ পিছতেই লেনিনৰ বিপ্লৱ আৰম্ভ হয়৷ বিশ্ববিদ্যালয়ত পঢ়াৰ সমানে সমানে তেওঁৰ বিপ্লৱ চলি থাকে৷ 

তেওঁক ১৮৮৭ চনত ছাত্ৰ সভাত অংশ লোৱাৰ বাবে বহিস্কাৰ কৰা হয় বিশ্ববিদ্যালয়ৰ পৰা৷ ক্ষুদ্ৰ বিপ্লৱ আৰু মাৰ্ক্স লেখা পঢ়িব ধৰে৷ ১৮৯২ চনত লেনিনে প্ৰথম মাৰ্ক্সবাদী গ্ৰুপ গঠন কৰে সমানে সমানে ২৩ বছৰ বয়সত তেওঁ গ্ৰাম্য জীৱন আৰু কৃষকৰ হকে কাম কৰিবলৈ আৰম্ভ কৰে৷ তাৰ পিছত তেওঁ চেন্ট পিটাৰ্চবাৰ্গলৈ গুচি যায় তাত তেওঁ শ্ৰমিকৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰি একত্ৰিত কৰে শ্ৰমিক-কৃষকক৷ এটি দল গঠন কৰি লেনিন হৈ পৰে নেতা৷ ১৮৯৫ চনত ইউৰোপৰ শ্ৰমিকৰ হকে আন্দোলন কৰা ‘শ্ৰমমুক্তি’ৰ সৈতে সম্পৰ্ক গঢ়ে লেনিনে৷ 

সংগ্ৰাম সংঘ প্ৰতিষ্ঠা কৰে৷ সংগ্ৰাম সংঘই ১৮৯৬ চনত প্ৰথমবাৰ ধৰ্মঘট কৰি শ্ৰমিকৰ বাবে সংগ্ৰামৰ পাতনি মেলে৷ সেই আন্দোলনে ইতিহাস সৃষ্টি কৰি প্ৰায় ৩০ হাজাৰ পুৰুষ-মহিলা শ্ৰমিকে অংশ লয়৷ আনদোলনৰ পিছতে লেনিনৰ লগতে বহু নেতাক গ্ৰেপ্তাৰ কৰে৷

জেলত থাকিব লগা হয় লেনিন৷ জাৰৰ চৰকাৰে তেওকঁ চাইবেৰিয়ালৈ নিৰ্বাসন কৰে৷ পত্নীকো নিৰ্বাসন কৰে৷ পতী-পত্নী চাইবেৰিয়াত থাকে৷ নিৰ্বাসনৰ ম্যাদ উকলি যোৱাত ১৯০০ চনত তেওঁ দেশলৈ ঘূৰি আহে৷ ক্ৰমে ৰাছিয়াৰ বিপ্লৱী আন্দোলন তীব্ৰ হ’ব ধৰে৷ ১৫ লাখ শ্ৰমিকে ধৰ্মঘট কৰে৷ 

ৰাছিয়াৰ সাম্ৰাজ্যবাদীৰ মাজত আৰম্ভ হয় বিসম্বাদ৷ এটা দলত জাৰ্মানী হাংগেৰী আন দলত ইংলেণ্ড, ফ্ৰান্স আৰু ৰাছিয়া৷ তাৰ পিছত যোগ দিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আৰু অন্যান্য দেশে৷ এই যুদ্ধ বিশ্ব যুদ্ধ লৈ ৰূপান্তৰিত হয়৷ যুদ্ধৰ বিৰোধিতা কৰাৰ বাবে লেনিনক গ্ৰেপ্তাৰ কৰা হয়৷ ১৪ দিনৰ মূৰকত তেওঁ মুক্তি পায়৷ মুক্তিৰ পিছত তেও ছুইজাৰলেণ্ডলৈ গুছি যায়৷ 

১৯১৭ চনত পুনৰ ৰাছিয়ালৈ উভতি আহে৷ লেনিনে সংগ্ৰামৰ দ্ৰুত বিকাশ ঘটায়৷ শ্ৰমিক, কৃষকৰ ক্ষমতা দখলৰ বাবে প্ৰস্তুতি চলাই৷ সশস্ত্ৰ অভ্যুত্থান আৰম্ভ হয়৷ পুনৰ জাৰৰ চৰকাৰৰ বাবে ফিণলেণ্ডত আত্মগোপন কৰে লেনিনে৷ তাৰ পিছতো বিভিন্ন মাধ্যমেৰে প্ৰচাৰ চলাই কৃষক-শ্ৰমিকক একত্ৰিত কৰে৷ ১ অক্টোবৰত জনতাক ওলাই আহিবলৈ  আহ্বান জনাই৷ সেনা বাহিনীয়ে টহল দি থকাৰ মাজতেই গোপনে নেতৃত্ব দিয়ে সংগ্ৰামৰ৷

এই সংগ্ৰামৰ ফলত জাৰ বাহিনী ধ্বংস হয়৷ শাসন এৰিব লগা হয়৷ শ্ৰমিক, কৃষক, লালৰক্ষীৰ সংগ্ৰামৰ ফলত পূঁজিবাদ ধ্বংস হয়৷ ২৫ অক্টোবৰৰ পুৱাই ছোভিয়েট সামৰিক বিপ্লৱ সমিতিয়ে বিবৃতি যোগে জনসাধৰণৰ আন্দোলন সফল হোৱা বুলি কয়৷ দ্বিতীয় ছোভিয়েট কংগ্ৰেছ আৰম্ভ হয়৷ লেনিনৰ আদৰ্শৰ বাবে কৰা এই যুদ্ধ সমাপ্ত হয়৷ তেতিয়াৰ পৰাই সমাজতন্ত্ৰ প্ৰতিষ্ঠা হয় ছোভিয়েট ৰাছিয়াত৷ 

যাৰ বাবে লেনিনৰ আদৰ্শক সমগ্ৰ দেশে মানি চলে৷ এটি আদৰ্শই এখন চৰকাৰক ওফৰাই পেলাবলৈ সক্ষম হয়৷ কিন্তু লেলিনৰ আদৰ্শক সমগ্ৰ বিশ্বই মূৰ দোৱাই চালাম কৰে যদিও ভাৰতবৰ্ষত বহু লোকে মানি লব নোখোজো লেনিনৰ আদৰ্শক৷ যেনেদৰে একাংশ লোকে মহাত্মা গান্ধীৰ পৰিবৰ্তে হত্যাকাৰী নাথুৰাম গডছেক পূজা কৰে তেনেদৰে লেনিনৰ পৰিবৰ্তে হিটলাৰক সঁচা বুলি কব খোজে৷

লেনিনৰ আদৰ্শক মষিমূৰ কৰিব খোজা হয়৷ সমগ্ৰ বিশ্বত যাৰ আদৰ্শক চালাম কৰে তেনে সময়ত ত্ৰিপুৰাত বগৰাই ভাঙি পেলোৱা হ’ল লেনিনিৰ প্ৰতিমূৰ্তি৷ বিশ্বৰ প্ৰায় সমূহ দেশ আজি পূঁজিপতিৰ হাতোৰাত বন্দী৷ পূঁজিপতিৰ বাবে লেনিনৰ আদৰ্শ আতংক স্বৰূপ৷ 

লেনিনৰ আদৰ্শক সাৰোগত কৰি শ্ৰমিক-কৃষকে আজিও আন্দোলন কৰে৷ যাৰ বাবে পূঁজিপতিৰ বহতীয়া চৰকাৰে লেনিনৰ আদৰ্শক স্বীকৃতি নিদিয়াৰ লগতে পূঁজিপতিৰ আদৰ্শত বিশ্বাসী চৰকাৰে লেনিনৰ প্ৰতিমূৰ্তি বগৰাই ভাঙি পেলোৱাতো বহু ডাঙৰ কথা নহয়৷ মহামানৱ মহাত্মা গান্ধী, লেনিন, নেলছন মেণ্ডেলাৰ আদৰ্শ হ’ল স্বীকৃতি প্ৰাপ্ত আদৰ্শ৷ বিশ্বই যাৰ আদৰ্শক মানি চলে৷