লিডুঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মাৰ্ঘেৰিটা বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তত প্ৰায় ৫০ জন কংগ্ৰেছী কৰ্মীয়ে  বি জে পিত যোগদান কৰে। 

বৃহস্পতিবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত শামুকজান মণ্ডল কংগ্ৰেছ কমিটীৰ সম্পাদক প্ৰদীপ উপাধ্যায় আৰু ১৮৭ নং বুথ কমিটীৰ সভাপতি গনেশ চাৰ্কিৰ নেতৃত্বত মুঠ ৫০ জন কংগ্ৰেছী কৰ্মীয়ে অানুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে। সভাত বিধায়ক ভাস্কৰ শৰ্মাই  বৰ্তমান বি জে পিৰ উত্থানত কংগ্ৰেছ শংকিত বুলি দোহাৰে।