উজ্জ্বল চৌধুৰী, লিডুঃ ডিগবৈৰ ৰাইডাং গাঁৱৰ এজন অতি সাধাৰণ কৃষক পৰিয়ালৰ জীয়ৰী প্ৰতিমা দহোটিয়াই দেশ-বিদেশত দৌৰ প্ৰতিযোগিতাত ভাগ লৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷ আগন্তুক এছিয়ান গেমছত অংশ গ্ৰহণৰ বাবে প্ৰতিমাই বৰ্তমান চলাইছে পূৰ্ণ প্ৰস্তুতি৷ 

কিন্তু ধন আৰু এজন উন্নতমানৰ প্ৰশিক্ষকৰ অভাৱত সমস্যাত পৰিছে দুখিয়া পৰিয়াল জীয়ৰী প্ৰতিমা৷ গতিকে স্থানীয় লোক, পিতৃ-মাতৃ, স্থানীয় প্ৰশিক্ষক প্ৰমোদ ভুঞাই সদাশয় ব্যক্তিৰ লগতে চৰকাৰৰপৰা সহায়-সহযোগ কামনা কৰিছে৷ 

অতি  সাধাৰণ পৰিয়ালত অভাৱ-অনাটৰ মাজেৰে  জীৱন কটোৱা প্ৰতিমাৰ পিতৃ মাতৃৰ হাতত যি সম্পদ আছিল সেইয়া প্ৰতিমাৰ খেলৰ বাবে বিক্ৰী কৰি শেষ কৰিলে৷ বৰ্তমান প্ৰতিমাৰ পিতৃ-মাতৃৰ হাতত টকা-পইছা শূন্য ৷ আৰ্থিকভাৱে একেবাৰে জুৰুলা হৈ পৰা প্ৰতিমাক এতিয়া  লাগে মাথো চৰকাৰৰপৰা অকনমান সঁহাৰি৷ 

প্ৰতিমাই ৰাজ্যখনৰ বিভিন্ন ঠাইত দৌৰ প্ৰতিযোগিতাত ভাগ লৈ চমক দিবলৈ সক্ষম হোৱাৰ লগতে ভূটানত অনুষ্ঠিত হোৱা আৰু Student Olympic Council ASIA য়ে আয়োজন কৰা Student Olympic International Gamesত আৰু গুজৰাট ত অনুষ্ঠিত India Student Olympicত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

লগতে অহা ২৫ ডিচেম্বৰত বিহাৰৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠানে প্ৰতিমাক যুৱ শ্ৰেষ্ঠতা বঁটা প্ৰদান কৰিব ৷ প্ৰতিমাই এছিয়ান গেমছত দেশৰ হৈ অংশগ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ 

অৱশ্যে ইয়াৰ বাবে আন এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হ'ব লাগিব বুলিও উল্লেখ কৰে প্ৰশিক্ষক ভুঞাই৷ শেহতীয়াকৈ অতি  দুখীয়া পৰিয়ালৰ প্ৰতিভাসম্পন্ন খেলুৱৈ প্ৰতিমাক এতিয়া লাগে উৎসাহ,সা-সুবিধা, উন্নত প্ৰশিক্ষণ৷

চৰকাৰৰ পৰা অকনমান সহায়- সহযোগিতা লাভ কৰিলে প্ৰতিমাই হয়তো অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ৷ কিন্তু প্ৰশ্ন হয়  প্ৰতিমাক এতিয়া  কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিবনে?