ছ’চিয়েল মিডিয়াত এটা খবৰে এইকেইদিন খুব চৰ্চা লাভ কৰিছে। খবৰটো শ্বেয়াৰো হৈছে বহুত। হয়তো আপুনিও ফেচবুক, হোৱাটছএপত সেয়া পাব পাৰে। এয়া পিছে খবৰ বুলি নকৈ দাবী বা আহ্বান বুলিও ক’ব পাৰি। কথাখিনি আছিল এনে ধৰণৰঃ যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে তেন্তে আপুনি ভোট দিব নোৱাৰে। লিংক কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ,২০১৯। ফেচবুক আৰু হোৱাটছএপত বেছিকৈ শ্বেয়াৰ হোৱা হিন্দী ভাষাৰ কথাখিনি আমি হুবহু তুলি দিলো।

 

''आप सभी को सूचित किया जाता है कि अपने वोटर ईडी कार्ड ka का वेरिफिकेशन करा लें जिसके लिए अपने BLO को अपना ID और ADDRESS प्रूफ (या आधार कार्ड )देकर अपने BLO का सहयोग करे
अगर आपका वोटर ईडी का वेरिफिकेशन नही हुआ तो आपको वोट डालने से वंचित कर दिया जाएगा (आपको वोट नही डालने दिया जाएगा)
वोटर आई डी वेरिफिकेशन कराने की अंतिम तारीख 30-09-2019
आप सभी अपने BLO से संपर्क कर अपने व अपने परिवार के आधार कार्ड की फोटोकॉपी BLO को उपलब्ध करवा दे।और अपना आधार कार्ड वोटर कार्ड से लिंक करवाना सुनिश्चित कर ले।।
_आपका वोट आपका अधिकार।।’’

 

সত্যানুসন্ধান


ছ’চিয়েল মিডিয়াত উঠা এই দাবী সম্পূৰ্ণ অসত্য। নিৰ্বাচন আয়োগৰ ৱেবছাইটত এনে ধৰণৰ কোনো তথ্য উপলব্ধ নাই। নিৰ্বাচন আয়োগৰ প্ৰৱক্তা শেফালী চৰণে এই সন্দৰ্ভত স্পষ্টকৈ কৈছে, ''এয়া সম্পূৰ্ণ অমূলক কথা।নিৰ্বাচন আয়োগে এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো কথাৰ নিৰ্দেশনা জাৰি কৰা নাই। মানুহে যাতে এনেকুৱা মিছা বাতৰি বিয়পাই দিয়াৰ পৰা বিৰত থাকে তাৰবাবে ৰাইজক মই আহ্বান জনাইছো।’’ 

 

হাৰিয়ানা-মহাৰাষ্ট্ৰৰ কথা

 

এই ভুৱা আহ্বান সেই ৰাজ্যসমূহত বেছিকৈ ভাইৰেল হৈ পৰিছে য’ত কিছু মাহৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত হ’ব। ২১ ছেপ্তেম্বৰত নিৰ্বাচনী আয়োগে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। হাৰিয়ানাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ডঃ ইন্দ্ৰজিত সিঙে মিছা কথা বিয়পাই জনসাধাৰণক বিভ্ৰান্ত নকৰিবলৈ অনুৰোধ জনাইছে। তেওঁ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা আহ্বানক পোনচাটেই নাকচ কৰি এনেকুৱা কোনো ধৰণৰ নিৰ্দেশনা হাৰিয়ানা নিৰ্বাচন আয়োগৰ ফালৰ পৰা দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিছে। 

 

মহাৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত দিলীপ ছিন্দেয়ো জনধাৰণক এনেকুৱা ভুল আৰু মিছা বাতৰিত ভোল নাযাবলৈ অনুৰোধ তথা আহ্বান জনাইছে।

 

 

ফেক নিউজৰ বিৰুদ্ধে  News Next Oneৰ যুদ্ধ

 
ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটায়ো ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

 
অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ আজিৰ এই বাতৰিটো প্ৰস্তুত কৰোতে বিবিচিৰ Fact-চেকিং শিতানৰ সহায় লোৱাৰ লগতে নিজাববীয়াকৈও ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱা হৈছে।

 
শ্বেয়াৰ কৰাৰ আগত হওক সাৱধান

 
এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ (!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us