কোকৰাঝাৰঃ কোকৰাঝাৰত সাত বছৰীয়া কন্যা শিশু এটিয়ে অচিন ৰোগত আক্ৰান্ত হৈ যোৱা দুবছৰে নৰক যন্ত্ৰণাৰে বিচনাতে দিন অতিবাহিত কৰি থকা এক ঘটনাই বহু লোকৰ অন্তৰ চুই গৈছে। অচিন ৰোগত আক্ৰান্ত শিশুটিক সুস্থ কৰি তুলিবলৈ পৰিয়ালবৰ্গই বহু চিকিৎসকৰ কাষ চাপিছে যদিও কোনো চিকিৎসকে অচিন ৰোগত আক্ৰান্ত শিশুটিক সুস্থ্ কৰি তুলিবলৈ সক্ষম হোৱা নাই।

বহু চিকিৎসকৰ ওচৰত অচিন ৰোগত আক্ৰান্ত শিশুটিক চিকিৎসা কৰি পৰিয়ালবৰ্গই সঞ্চিত ধন-সম্পত্তি শেষ কৰাৰ পিছত এইবাৰ উপায়হীন হৈ পৰিয়ালবৰ্গই ৰাজ্য চৰকাৰৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ 

কোকৰাঝাৰ চহৰৰ সুভাষপল্লীত সম্প্ৰতি ভাৰাতীয়া হিচাপে থকা পৰিতোষ ৰায় আৰু সুকুলা ৰায়ৰ একমাত্ৰ জীয়ৰী তথা সাত বছৰীয়া কন্যা শিশু লিপিকা ৰায় দুবছৰ পূৰ্বে দেহৰ ছাল উখাই  যোৱা এক অচিন ৰোগত আক্ৰান্ত হয়৷ লাহে লাহে শিশুগৰাকীৰ দেহৰ ছাল উখহি দেহৰ নানা অংশত বগা দাগ পৰে৷ পৰিয়ালৰ লোকে শিশুটি এনে অচিন ৰোগত আক্ৰান্ত হোৱাত প্ৰথমতে গুৱাহাটীস্থিত শিশু বিশেষজ্ঞৰ ওচৰত দেখুৱাই যদিও সুফল লাভ নকৰিলে৷ 

ইয়াৰ পিছতে দুৰ্ভগীয়া শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে আ-অলংকাৰ বিক্ৰী কৰি চেন্নাইৰ শিশু বিশেষজ্ঞ বেণু গোপাল ৰেড্ডীৰ ওচৰলৈ যায়৷ কিন্তু তাতেও চিকিৎসা কৰি সুফল নোপোৱাত ভূক্তভোগী পৰিয়ালটোৱে শিশুটিক এইবাৰ পশ্চিমবংগৰ কোচবিহাৰৰ আলিপুৰৰ শিশু বিশেষজ্ঞ পিনাকী তৰফদাৰক দেখুৱায়৷ কিন্তু তাতেও শিশুটিৰ অচিন ৰোগ চিনাক্ত কৰিব নোৱাৰিলে চৰ্মৰোগৰ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে৷ 

উল্লেখ্য যে অসম, পশ্চিমবংগকে ধৰি চেন্নাইৰ বহু কেইগৰাকী চৰ্মৰোগ বিশেষজ্ঞৰ কাষ চাপিও সুফল নোপোৱা দুৰ্ভগীয়া সাত বছৰীয়া কন্যা শিশু লিপিকা ৰায়ৰ পৰিয়াল বৰ্গই উপায়হীন হৈ সম্প্ৰতি দুৰাৰোগ্য কন্যা শিশুটিক নিজ ঘৰতে বিছনাত শুৱাই থোৱা দেখা গৈছে৷ শিশুটিয়ে দিনে-নিশাই বিছনাতে ছটফটাই চিৎকাৰ কৰি আছে যদিও পিতৃ-মাতৃয়ে অসহায় হৈ শিশুটিৰ চিৎকাৰ শুনিও নীৰৱে চকুলো টুকি দিন অতিবাহিত কৰিছে৷ 

এফালে অৰ্থৰ অভাৱ, আনফালে শিশুটিৰ ৰোগ চিনাক্তকৰণ নোহোৱাত তথা সুস্থ্ হৈ নুঠাত পৰিয়ালটো মানসিকভাৱে ভাগি পৰিছে৷ এইক্ষেত্ৰত শিশুটিৰ চিকিৎসাৰ বাবে অসম চৰকাৰৰ ওচৰত সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে৷

শিশুটিৰ দেহত থকা অচিন ৰোগ নিৰাময় কৰি পুনৰ নৱজীৱন দিবলৈ অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে। অচিন ৰোগত আক্ৰান্ত শিশুটিৰ আৰ্ত চিৎকাৰ, যন্ত্ৰণা দেখি চকুপানীৰে বাট নেদেখা পৰিয়ালবৰ্গই শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সহায় ভিক্ষা কৰিছে।