ওদালগুৰিঃ ইংৰাজী নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন৷ ৰাজ্য খনৰ লোক সকলে নতুন বছৰক আদৰাৰ বাবে ৰাজ্যৰ বিভিন্ন বনভোজস্থলিত তথা প্ৰাকৃতিক পৰিৱেশত একাত্ম হ’বলৈ লগে ভাগে এসাজ খাবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে বনভোজস্থলি সমূহত একাংশ যুৱকে তাণ্ডৱ চলোৱাও পৰিলক্ষিত হয়৷ বনভোজৰ আনন্দ উৎসাহৰ মাজতে ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীত সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা।

সুৰামত্ত যুৱকৰ আক্ৰমণত আহত হয় বনভোজকাৰী দলৰ সদস্য। ওদালগুৰি জিলাৰ টংলা চহৰৰ পৰা এটা বনভোজকাৰী দল আহিছিল ওদালগুৰি চহৰৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডলৈ। বনভোজস্থলীত বনভোজৰ বাবে যা-যোগাৰ কৰি থকা সময়তে বনভোজ খাই থকা সুৰামত্ত যুৱকৰ দল এটাই  টংলাৰ পৰা অহা দলটোৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয়।

সুৰামত্ত যুৱকৰ দলটোৱে  লাঠীৰে আক্ৰমণ কৰে  টংলাৰ বনভোজকাৰী দলটোক। আক্ৰমণৰ ফলত টংলাৰ বনভোজকাৰী দলটোৰ ৰেখা লহকৰ নামৰ এগৰাকী মহিলা আহত হয়। ইয়াৰ পাছত বনভোজকাৰী দলটোৱে বনভোজস্থলিৰ পৰা গুছি আহে।

ইমানতো সুৰামত্ত যুৱকৰ দলটো ক্ষান্ত নাথাকি কাহিবাৰীৰ সমীপত সুৰামত্ত যুৱকৰ দলটোৱে টংলাৰ বনভোজকাৰীৰ দলটো অহা এএছ-০১-ইচি-৯৮৮১ আৰু এএছ-২৭-চি-০২৩১ নম্বৰৰ দুখন উইংগাৰ গাড়ীৰে আগচি ধৰে। ইয়াৰ পাছত বনভোজকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা ওদালগুৰি আৰক্ষীক যোগাযোগ কৰে।

লগে লগে ঘটনাস্থলী ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হয়। আৰক্ষীৰ উপস্থিতি দেখি সুৰামত্ত যুৱকৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাছত আৰক্ষীয়ে বনভোজকাৰী দলটোক নিৰাপত্তা প্ৰদান কৰি ওদালগুৰি আৰক্ষী থানালৈ আনে।