অনলাইন প্ৰতিবেদনঃ ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে লাখৰ ঘৰ অতিক্ৰম কৰিছে। ইয়াৰ মাজতে পৰ্যায়ক্ৰমে আৰম্ভ হৈছে ৰেল সেৱা। শ্ৰমিকসকলৰ বাবে চলোৱা বিশেষ ৰেলৰ পিছত ৰাজধানী এক্সপ্ৰেছকে ধৰি ১ জুনৰ পৰা আৰু ২০০ খন ৰেলৰ চলাচলো আৰম্ভ হ’ব। ২৫ মে’ৰ পৰা বিমান সেৱা মুকলি কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে।

গ্ৰীণ জ’ন ঘোষিত অঞ্চলসমূহত ইতিমধ্যে দোকান-পোহাৰসমূহো আগৰ দৰেকৈ খোলা দেখা গৈছে। শিক্ষানুষ্ঠান আৰু দুই-এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাদে অধিকাংশ উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানো সতৰ্কতামূলক ব্যৱস্থাসহ খুলিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে। এনে পৰিপ্ৰেক্ষিতত বহুতেই এয়া ৩১ মে’ৰ পিছত পুনৰ লকডাউন আৰু বৃদ্ধি নকৰাৰ ইংগিত হিচাপে ধাৰণা কৰিছে।

এই সন্দৰ্ভত অৰ্থনীতি বিষয়ৰ দেশৰ আগশাৰীৰ অধ্যাপক অৰুণ কুমাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে যিহেতু বাণিজ্যিক ক্ষেত্ৰখনক দীঘলীয়া সময়ৰ বাবে স্তব্ধ কৰি ৰখাতো সম্ভৱ নহয়, সেয়ে লকডাউনৰ বৰ্তমানৰ পৰ্যায়ত চৰকাৰে শিথিল কৰিবলৈ বাধ্য হৈ পৰিছে। বিশিষ্ট অধ্যাপকগৰাকীয়ে ৩১ মে’ৰ পিছত চৰকাৰে পুনৰ লকডাউন বৃদ্ধি নকৰে বুলিও আশা প্ৰকাশ কৰে।

চতুৰ্থ পৰ্যায়ৰ লকডাউন কিহৰ ইংগিত?

বৰ্তমান দেশত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। এই লকডাউনৰ ম্যাদ উকলিব অহা ৩১ মে’ত। চতুৰ্থ পৰ্যায়ৰ এই লকডাউন বাকী পৰ্যায়কেইটাৰ দৰে কঠোৰ কৰা হোৱা নাই। এই সময়ছোৱাত একাধিক আৰ্থিক কাম-কাজ আৰম্ভ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে।

চৰকাৰৰ এই অনুমতি লাভ কৰি সমগ্ৰ দেশতে ঘৰৰ পৰা মানুহবোৰ ওলাই আহি ভাগে ভাগে কাম কৰিবলৈ লৈছে। ইমানদিনে প্ৰায় জনশূন্য হৈ থকা ৰাজপথসমূহ পুনৰ গাড়ী, মটৰ চাইকেল, চাইকেল আদিৰে ভৰি পৰিছে। দুখন ৰাজ্যৰ সন্মতিক্ৰমে আন্তঃৰাজ্যিক বাছৰ চলাচলো আৰম্ভ হৈছে।

অৱশ্যে একেলগে একাধিক লোক একগোট নোহোৱাতো নিশ্চিত কৰিবলৈ এতিয়াও ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনসমূহে বিভিন্ন ব্যৱস্থা হাতত লৈছে। মানুহৰ ভিৰ হোৱাৰ সম্ভাৱনা থকা চিনেমা হল, শ্বপিং মল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, সভা, ধৰ্মীয় অনুষ্ঠান আদিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা বৰ্তমানো অব্যাহত আছে। 

অহা ২৫ মে’ত সম্পূৰ্ণ হ’ব লকডাউনৰ দুমাহ। ক্ৰমাগত দুমাহ ধৰি অব্যাহত থকা এই লকডাউনে ভাৰতৰ সমুখত এতিয়া সৃষ্টি কৰিছে একাধিক প্ৰত্যাহ্বানৰ। ২১ দিনীয়া প্ৰথম পৰ্যায়ৰ লকডাউনৰ সমাপ্তিৰ পিছত ইয়াৰ ম্যাদ পুনৰ বৃদ্ধি কৰাৰ লগে লগে দেখা দিছিল সেই প্ৰত্যাহ্বান। দেশৰ ভিন্ন প্ৰান্তত ২১ দিন ধৰি আৱদ্ধ হৈ থকা প্ৰবাসী শ্ৰমিকসকলে খাদ্য সংকট আৰু আশ্ৰয়স্থলক লৈ সমস্যাত পৰাত খোজকাঢ়িয়েই ঘৰলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল।

পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত শ্ৰমিকসকলৰ বাবে শ্ৰমিক ৰেল আৰু বাছ চলোৱাৰ ব্যৱস্থা কৰাৰ পিছতো লাখ লাখ শ্ৰমিক উক্ত সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে। ফলত আজিও দেশৰ ভিন্ন প্ৰান্তত খোজকাঢ়ি ঘৰমুৱা হোৱা শ্ৰমিকৰ বাতৰি আহিয়েই আছে। বিপৰীতে দিনে দিনে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে। সেয়ে সকলোৰে মনত এতিয়া প্ৰশ্ন উঠিছে যে ৩১ মে’ৰ পিছত লকডাউন উঠাই দিব নে আকৌ বৃদ্ধি কৰিব?

মে' মাহৰ আৰম্ভণিতে পৰিবহণ খণ্ডৰ সৈতে জড়িত একাংশ লোকৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে আলোচনাত ভাগ লৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাইছিল যে অতি শীঘ্ৰেই দেশত ৰাজহুৱা পৰিবহণ ব্যৱস্থা পুনৰ আগৰ দৰেকৈ আৰম্ভ কৰা হ’ব। ইতিমধ্যে গ্ৰীণ জ’নৰ অঞ্চলসমূহত ৫০ শতাংশ যাত্ৰীৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে আলোচনাকালত জনাইছিল।

মন্ত্ৰীগৰাকীৰ এই ঘোষণালৈ চাই বহুতেই আশা কৰিছে যে ৩১ মে’ৰ পিছত দেশলৈ পুনৰ পূৰ্বৰ অৱস্থা সামান্যকৈ হ’লেও ঘূৰি আহিব। বিশেষজ্ঞসকলেও কৈছে যে এতিয়া আৰু লকডাউন বৃদ্ধি কৰিলে দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। স্বাস্থ্য বিশেষজ্ঞ আৰু সমাজবিদসকলেও সকলোকে কৰ’নাৰ সৈতে সহৱস্থান কৰি জীৱন-যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

এই সন্দৰ্ভত দেশৰ আগশাৰীৰ স্বাস্থ্য বিশেষজ্ঞ তথা এপল’ হাস্পতালৰ মেডিকেল ডাইৰেক্টৰ ডাঃ সুব্ৰমণিয়ামে কৈছে যে যদিহে ৩১ মে’ৰ পিছত লকডাউন খুলি দিয়া নহয় তেন্তে কৰ’না সংকটৰ লগতে দেশে আন গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য হৈ পৰিব। 'চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিল কৰি মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি লকডাউনে কঢ়িয়াই অনা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা চলাইছে। কিন্তু কম সংখ্যাক দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ খুলিলে মানুহৰ মাজত প্ৰয়োজন বৃদ্ধি পাব। ফলত সেইসমূহ ঠাইত দীঘলীয়া শাৰী লাগিব। সেয়ে চৰকাৰে লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰা উচিত।’-ডাঃ সুব্ৰমণিয়ামৰ মন্তব্য।

৩১ মে’ৰ পিছত পৰিস্থিতি স্বাভাৱিক হ’বনে?

লকডাউন শেষ হ’লেই পৰিস্থিতি স্বাভাৱিক হৈ পৰিব নে নাই তাক লৈয়ো বিশেষজ্ঞসকল উদ্বিগ্ন হৈ পৰিছে। ডাঃ সুব্ৰমণিয়ামে এই সম্পৰ্কে কৈছে, 'চৰকাৰে কৈছে যে ৰেল, বিমান সেৱা আৰম্ভ কৰাৰ সময়ত ছ’চিয়েল ডিচটেন্সিঙৰ নিয়মসমূহ পালন কৰিব। আমি তাকেই কৰিব লাগিব। সাৱধানতাৰে জীয়াই থাকিবলৈ শিকিব লাগিব।’

কিন্তু এই ক্ষেত্ৰত সমস্যা হিচাপে দেখা দিছে দুমহীয়া লকডাউন সত্বেও বাকী দেশৰ দৰেকৈ ভাৰতত কৰ’না ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে দিনে দিনে বৃদ্ধি পোৱা বিষয়টোৱে। চৰকাৰী তথ্য অনুযায়ী বৃহস্পতিবাৰে ২৪ ঘণ্টাত ৫৬০৯ জন লোকৰ দেহত নতুনকৈ পজিটিভ ধৰা পৰিছে।

এনে পৰিপ্ৰেক্ষিতত লকডাউন এতিয়াই উঠাই দিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে বুলি একাংশ স্বাস্থ্য বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে। আইচিএমআৰৰ বিশেষজ্ঞসকলেও চৰকাৰক সকীয়াই থৈছে যে বিকল্প কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰাকৈ লকডাউন প্ৰত্যাহাৰ কৰাতো দেশৰ বাবে বিপদজনক হ’ব। আইচিএমআৰৰ স্বাস্থ্য বিশেষজ্ঞসকলে যেতিয়াই প্ৰতিদিনে সংক্ৰমণৰ সংখ্যা কমি যাবলৈ আৰম্ভ কৰিব তেতিয়াহে লকডাউন খোলা উচিত বুলিও চৰকাৰক পৰামৰ্শ আগবঢ়াইছে।  

আনহাতে অৰ্থনীতিবিদসকলে কৈছে যে লকডাউন আৰু অধিক দীঘলীয়া কৰিলে দেশত হাহাকাৰ অৱস্থা হোৱাতো নিশ্চিত। লকডাউনৰ পিছত নিৱনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলিও মন্তব্য কৰিছে কেবাগৰাকী আগশাৰীৰ অৰ্থনীতিবিদে। এনেদৰে পুনৰ লকডাউন বঢ়াই দিলেও সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰাৰ আশংকাসমূহেও বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহণত চৰকাৰক বিমোৰত পেলাইছে।


► বাতৰিটো পঢ়িবলৈ তলৰ ফটোখনত ক্লিক কৰক...


'দেশৰ বৰ্তমানৰ পৰিস্থিতিলৈ চাই মই কও যে লকডাউন লাহে লাহে উঠাই দিব লাগে। কিন্তু এটা কথাত গুৰুত্ব দিব লাগিব যে এয়া লকডাউন প্ৰত্যাহাৰ কৰাৰ সঠিক সময় হয় নে নহয় আৰু সঠিক সময় যদি হয় তেন্তে কেনেধৰণে লকডাউন প্ৰত্যাহাৰৰ ব্যৱস্থা কৰিলে ভাল হ’ব সেয়াও জানি ল’ব লাগিব। যদিহে আমি লকডাউন খুলি দিও কিন্তু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব নোৱাৰো, ভিৰ হোৱাত স্বতঃস্ফূৰ্তভাৱে বাধা দিব নোৱাৰো তেন্তে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাতো নিশ্চিত।’-ডাঃ সুব্ৰমণিয়ামে কয়।

সৰ্বাধিক নতুন পজিটিভ পোৱা দেশৰ তালিকাত ভাৰত

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বৃৃহস্পতিবাৰে প্ৰথম ২৪ ঘণ্টাত সমগ্ৰ বিশ্বত যিমান নতুন পজিটিভ ধৰা পৰিছে সেই সমূহৰ ভিতৰত দুই তৃতীয়াংশই হৈছে মাত্ৰ চাৰিখন দেশৰ। উদ্বেগজনক কথা এয়ে যে এই চাৰিখন দেশৰ এখন হৈছে ভাৰত।

বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে এই বুলিও সকীয়াই দিছিল যে কৰ’না মহামাৰী এতিয়া শেষ হোৱাৰ দিশে আগবাঢ়িছে বুলি ভবাতো ভুল হ’ব। সংস্থাটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছিল, 'উন্নত দেশসমূহে এতিয়া লকডাউনৰ পৰা মুক্তি পাবলৈ আৰম্ভ কৰিছে। কিন্তু একেসকময়তে তৃতীয় বিশ্বৰ দেশসমূহত কৰ’না ভাইৰাছৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে।’

বিবৃতিটোত আৰু কৈছে, 'আমি আৰু বহুদূৰ যাবলৈ বাকী আছে। এতিয়া এই মহামাৰীয়ে নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহক গ্ৰাস কৰিবলৈ আৰম্ভ কৰাক লৈ আমি উদ্বিগ্ন হৈ পৰিছো।’

লকডাউন খুলিলেই পুনৰ সংক্ৰমণৰ সম্ভাৱনা

চীন, দক্ষিণ কোৰিয়া, ইটালী, স্পেইনকে আদি কৰি কেবাখনো দেশে লাহে লাহে বা সম্পূৰ্ণৰূপে লকডাউন উঠাই লৈছে। লকডাউন প্ৰত্যাহাৰ কৰাৰ এই সময়তে উক্ত দেশসমূহত দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণৰ সম্ভাৱনা অধিক ঘনীভূত হৈ পৰিছে।

ইতিমধ্যে চীনত নতুনকৈ সংক্ৰমণ হোৱাৰ ঘটনাৰ কথা পোহৰলৈ আহিছে। দক্ষিণ কোৰিয়াতো নাইট ক্লাৱৰ সৈতে সম্পৰ্ক থকা সংক্ৰমণৰ ঘটনা পোৱা গৈছে। ইয়াৰ পিছতে দক্ষিণ কোৰিয়াই পুনৰ বিভিন্ন ক্ষেত্ৰত নতুনকৈ নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, দীঘলীয়া লকডাউনৰ পিছত ইউৰোপৰ একাধিক দেশে সেয়া প্ৰত্যাহাৰ কৰি কিদৰে অৰ্থব্যৱস্থাক পুনৰ স্বাভাৱিক কৰি তুলিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰম্ভ কৰিছে। এইবোৰৰ মাজতে ইউৰোপিয়ান ইউনিয়নৰ স্বাস্থ্য সংস্থা ইউৰোপিয়ান চেণ্টাৰ ফৰ ডিজিছ প্ৰিভেনশ্যন এণ্ড কন্ট্ৰোলৰ নিৰ্দেশক ডাঃ এন্ড্ৰিয়া অম্মানে ইউৰোপত কৰ’নাৰ দ্বিতীয় লহৰ আহিব বুলি সকীয়াই দি এতিয়াৰে পৰা তাৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে।

বিশ্বৰ ভিন্ন প্ৰান্তৰ দেশসমূহৰ ঘটনাৰাজিলৈ চাই অৰ্থনীতিৰ বিশেষজ্ঞ অৰুণ কুমাৰেও আশংকা প্ৰকাশ কৰিছে যে লকডাউনৰ পিছত ভাৰতত কৰ’নাৰ দ্বিতীয় লহৰ বাকী দেশসমূহতকৈও অধিক ভয়াৱহ হৈ পৰিব পাৰে। সম্প্ৰতি যি হাৰত নতুন পজিটিভৰ ঘটনা পোহৰলৈ আহিছে সেয়া উদ্বেগজনক বুলিও মন্তব্য কৰে কুমাৰে।

তেওঁ কৈছে যে যিহেতু দুমাহৰ লকডাউন সত্বেও ভাৰতত এতিয়াহে আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ লৈছে তেনে সময়ত দ্বিতীয় লহৰত পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰিব পাৰে তাৰ কল্পনা কৰাটো এই মুহূৰ্তত সম্ভৱ নহয়। ফলত সংখ্যা বাঢ়িলে আকৌ লকডাউন ঘোষণা কৰিলে ভাৰতৰ অৰ্থব্যৱস্থাক আগৰ দৰে কৰি তুলিবলৈ আৰু কেবাবছৰৰো প্ৰয়োজন হ’ব বুলিও মন্তব্য কৰে অৰ্থনীতিবিদগৰাকীয়ে।