নতুন দিল্লীঃ ২১ দিনৰ লকডাউনৰ ম্যাদ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিছে কেন্দ্ৰ চৰকাৰে। সোমবাৰে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে লকডাউনৰ ম্যাদ বৃদ্ধি হ’ব পাৰে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যদিও উক্ত খবৰৰ কোনো ভিত্তি নাই।

চৰকাৰী সংবাদ সস্থা প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ৱে বিবৃতিযোগে জনাইছে, 'চৰকাৰে ২১ দিনৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰিব। এনে উৰাবাতৰি আৰু সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি ভাইৰেল হৈ পৰিছে। কিন্তু  কেবিনেট সচিবে এই বাতৰি অস্বীকাৰ কৰিছে। তেওঁ জনাইছে যে এই খবৰ সম্পূৰ্ণৰূপে ভিত্তিহীন।’

লকডাউনৰ ম্যাদ বৃদ্ধিৰ বাতৰি নস্যাৎ কৰি কেবিনেট সচিব ৰাজীব গৌবাই আৰু কৈছে, 'এই বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত হোৱা দেখিবলৈ পাই আমি হতভম্ব হৈছো। লকডাউনৰ ম্যাদ বৃদ্ধিৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই।’

উল্লেখ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে যোৱা মঙলবাৰৰ পৰা ৩ সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে সকলোকে এই সময়ছোৱাত ছ’চিয়েল ডিছটেন্সিং মানি চলিবলৈকো পৰামৰ্শ আগবঢ়াইছিল মোদীয়ে।

ইয়াৰ পিছতে কৰ’না আক্ৰান্তৰ সংখ্যা দেশত ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই বহুতেই ধাৰণা কৰি লয় যে এই লকডাউনৰ ম্যাদ চৰকাৰে আৰু বৃদ্ধি কৰিব পাৰে। ছ’চিয়েল মিডিয়াত এই লৈ চৰ্চা চলাৰ মাজতে কেবাটাও সংবাদ প্ৰতিষ্ঠানেও এই লৈ বাতৰি প্ৰকাশ কৰাৰ পিছত সৰ্বসাধাৰণ অধিক শংকিত হৈ পৰে। অৱশেষত আজি সেই বাতৰিক ভিত্তিহীন আখ্যা দি দেশবাসীক সকাহ প্ৰদান কৰে চৰকাৰে।