লণ্ডনঃ মহামাৰী কৰ'নাৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাইছে। বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা। সমগ্ৰ বিশ্বত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৬০ লক্ষাধিক লোক, মৃত্যু ঘটিছে প্ৰায় ৩,৬৭০০০ জনৰ। ভাৰততো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আক্ৰান্ত আৰু মৃতকৰ সংখ্যাই আতংকিত কৰি ৰাখিছে দেশবাসীক। ভাৰতত ৩০ মে' পৰ্যন্ত ১,৭৪০০০ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। আনহাতে কৰ'নাৰ উৎপত্তিস্থল চীনকো পিছ পেলাই ভাৰতত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪৯৮১ জনলৈ। 

কৰ'না ভাইৰাছ বা ক'ভিড ১৯ক লৈ অব্যাহত থকা এই আতংকৰ মাজতে হাতৰ আঙুলি আৰু এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সম্ভাৱনাৰ মাজত এক যোগসূত্ৰ স্থাপনৰ দাবী কৰিছে এক চিকিৎসা বিশেষজ্ঞৰ দলে। ব্ৰিটেইনৰ এই বিশেষজ্ঞৰ দলটোৱে দাবী কৰা মতে সোঁহাতৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্যৰ ওপৰত ক'ভিড-১৯ত আক্ৰান্ত হোৱা আৰু মৃত্যু ঘটাৰ সম্ভাৱনা কিছু পৰিমাণে নিৰ্ভৰ কৰে। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা 'ডেইলি মেইল'তো এক প্ৰতিবেদন প্ৰকাশ পাইছে।

বিশেষজ্ঞৰ দলটোৱে ৪১ খন কোৰোনা আক্ৰান্ত দেশত পুৰুষৰ মৃত্যুৰ হাৰৰ ওপৰত গৱেষণা চলাই দাবী কৰিছে যে যিসমূহ দেশৰ পুৰুষৰ অনামিকা আঙুলি চুটি, সেই দেশ সমূহত পুৰুষৰ মৃত্যুৰ সম্ভাৱনা ৩০ শতাংশ পৰ্যন্ত অধিক হোৱা দেখা যায়। আনহাতে চুটি অনামিকা আঙুলিৰ পুৰুষসকলৰ দেহত ক'ভিড ১৯ৰ লক্ষণ সামান্য পৰিমাণেহে দেখা পোৱা যায় বুলিও চিকিৎসা বিশেষজ্ঞৰ দলটোৱে দাবী কৰিছে।

গৱেষণাৰ অন্তত বিশেষজ্ঞৰ দলটোৱে দাবী কৰা মতে মালয়েছিয়া, চিংগাপুৰ, ৰাছিয়া আদিৰ দৰে যিবোৰ দেশৰ পুৰুষৰ অনামিকা আঙুলি দীঘল, সেইসমূহ দেশত পুৰুষৰ মৃত্যুৰ হাৰ কম। গৱেষক দলটোৰ মতে চুটি অনামিকা আঙুলিৰ দেশ সমূহত কোৰোনাত মৃত্যুৰ হাৰ ৪.৯ শতাংশ হোৱাৰ বিপৰীতে দীঘল অনামিকা আঙুলিৰ দেশসমূহত মৃত্যুৰ হাৰ কেৱল ২.৭ শতাংশ। উল্লেখ্য যে চুটি অনামিকা আঙুলিৰ দেশসমূহৰ ভিতৰত ভাৰতকো অন্তৰ্ভুক্ত কৰা হৈছে। ক'ভিড-১৯ত ভাৰতত মৃত্যুৰ হাৰ হৈছে ২.৯ শতাংশ।

কিন্তু অনামিকা আঙুলি দীঘল নে চুটি সেই বিষয়ে কেনেকৈ জানিব পৰা যাব? এই সন্দৰ্ভতো বিশেষজ্ঞৰ দলটোৱে প্ৰকাশ কৰিছে। প্ৰথমে তৰ্জনী আঙুলিৰ জোখ লব লাগিব। তাৰ পিছত অনামিকা আঙুলিৰ জোখ লৈ তৰ্জনী আঙুলিৰ জোখৰ পৰা অনামিকা আঙুলিৰ জোখটো বিয়োগ কৰিব লাগিব। এনে কৰোঁতে যদি ফলাফল ০.৯৭৬ ছেন্টিমিটাৰতকৈ কম ওলায় তেন্তে অনামিকা আঙুলি দীঘল বুলি ধৰা হয়। কিন্তু যদি ফলাফল ০.৯৯ ছেন্টিমিটাৰ বা তাতকৈ বেছি ওলায়, তেন্তে অনামিকা আঙুলি চুটি বুলি ধৰা হয়।

উল্লেখ্য যে, বিভিন্ন গৱেষণাত পোহৰলৈ অহা মতে কৰ'নাত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ হাৰ অধিক। কিন্তু ইয়াৰ কাৰণ বিজ্ঞানীসকলে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ক'ভিড ১৯ত মৃত্যু ঘটা মুঠ সংখ্যাৰ ৬১.৮ শতাংশ পুৰুষ হোৱাৰ বিপৰীতে ৩৮.২ শতাংশহে মহিলা। অৱশ্যে হাতৰ আঙুলিক লৈ এনে দাবী কৰিলেও এনে হোৱাৰ কাৰণসমূহ কি হ'ব পাৰে সেয়া এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই।