নিউ জাৰ্ছীঃ আপুনি কেতিয়াবা লটাৰীত পুৰস্কাৰ লাভ কৰিছেনে? লটাৰীত থকা উপহাৰে সকলোৰে মন আনন্দত আত্মহাৰা কৰি তোলে৷ কোনোৱে অতি আশাৰে লটাৰী টিকট লৈ একো নাপাই হতাশাতো ভোগে৷ ইয়াকে কয় ভাগ্যৰ লিখন! 

আপুনি-মই হয়তো লটাৰীত পুৰস্কাৰ নাপাই কওঁ, ‘আমাৰ ভাগ্যত এইবোৰ নাই৷ কিন্তু শুনি আচৰিত হ’ব, আমেৰিকাৰ নিউ জাৰ্ছীৰ ৰৰ্বাট ষ্টীৱৰ্ট নামৰ লোকজনে এদিনতে তিনিবাৰকৈ লটাৰীৰ বিজেতাৰ সন্মান লাভ কৰিলে৷ তাকো নগদ ধন৷   

নিউ জাৰ্ছী যোৱা আগষ্টৰ ২ তাৰিখে স্ক্ৰেছ কাৰ্ড লটাৰীৰ প্ৰতিযোগিতাত ষ্টীৱৰ্টে এটা টিকট ক্ৰয় কৰি স্ক্ৰেছ কৰে৷ টিকটটোত আছিল ৫ মিলিয়ন ডলাৰৰ নগদ ধন৷ প্ৰতিযোগিতাত বিজয়ী ঘোষণাৰ পাছতেই অৱসৰপ্ৰাপ্ত গাড়ী চালক ষ্টীৱৰ্টে পুনৰ দুটা লটাৰী টিকট ক্ৰয় কৰে৷ সেইকেইটাও স্ক্ৰেছ কৰি তেওঁ পিনৰ লাভ কৰিলে ৫০০ ডলাৰ আৰু ১০০ ডলাৰ৷

উল্লেখযোগ্য যে আগষ্ট মাহতেই অনুষ্ঠিত হোৱা খেলখনৰ এই বিজয়ীজনৰ সন্দৰ্ভত আয়োজকসকলে এতিয়াহে প্ৰকাশ কৰিছে৷ 

আনহাতে, ষ্টীৰ্ৱটে নিজৰ পৰিয়াল তথা আৰ্থিকভাৱে দুৰ্বল বন্ধুবৰ্গৰ বাবে এই টকা খৰচ কৰিব বুলি জানাইছে৷