internet
internet

ডিজিটেল ডেস্কঃ প্ৰেম অন্ধ বুলি সকলোৱে জানে৷ প্ৰেমে নামানে জাতিকুল, প্ৰেমে নুবুজে আয়ুস৷ প্ৰেম যে অন্ধ তাৰ প্ৰমান হয়তো বহুতেই আছে৷ কিন্তু প্ৰেম ইমানো যে অন্ধ হ’ব পাৰে, সেয়া নেদেখিলে বা নাজানিলে হয়তো কল্পনা কৰাটোও টান৷ 

বিশ্বৰ অন্যতম সুন্দৰ ৰাষ্ট্ৰ ইণ্ডোনেচিয়াৰ এই প্ৰেম কাহিনী৷ এই ৰাষ্ট্ৰখনতে প্ৰেম ইমানো যে অন্ধ হ’ব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল৷ ইণ্ডোনেচিয়াৰ চেলামত ৰিয়াডী নামৰ ষোল্ল বছৰীয়া কিশোৰ জন প্ৰেমত পৰিল ৭১ বছৰীয়া ৰোহায়া নামৰ বৃদ্ধাগৰাকীৰ৷ প্ৰেম মানে কিন্তু আইতা-নাতীৰ প্ৰেম নহয়৷ একেবাৰে জবৰদস্ত প্ৰেম৷ ইজনে সিজনক নেদেখি এক চেকেণ্ডো থাকিব নোৱাৰা অৱস্থা৷ ভাত খাবলৈ একেখনেই কাঁহী৷ পাৰ্কৰ বেঞ্চত ৰোমান্টিক কিছৰ আদান-প্ৰদান৷ এনে প্ৰেম যেন দেখি সকলোৱে তবধ মানিব৷ 

পিছে কেৰোণ লাগিল পৰিয়ালত৷ ৭১ বছৰীয়া বৃদ্ধাক প্ৰেম বিবাহ কৰাবলৈ আনুমতি নিদিয়ে চেলামতৰ পৰিয়ালে৷ আনহাতে চেলামতো নাচোৰবান্দা৷ বিয়া কৰালে ৰোহায়াকে কৰিব৷ এইফালে পূৰ্বতে দুবাৰকৈ বিধৱা হোৱা মৃত্যুৰ দেওনা গৰকা ৭১ বছৰীয়া প্ৰেমিকা ৰোহায়াৰো পৰিয়ালত একেই অৱস্থা৷ পো-নাতীয়ে অনুমতি নিদিয়ে বিয়াৰ৷ আনফালে দুয়ো প্ৰেমিক-প্ৰেমিকাৰ হৃদয়ত প্ৰেমৰ উদ্গিৰণ৷ শেষত উপায়ন্তৰ হৈ দুয়ো দুয়োৰে পৰিয়ালত ভাবুকি শুনালে- যদি দুয়োৰে বিয়াখন পাতি দিয়া নহয়, তেন্তে প্ৰেমিক-প্ৰেমিকাহালে আত্মহত্যা কৰিব৷

চেলামত আৰু ৰোহায়াৰ ভাবুকিত দুই পৰিয়াল বিপাঙত পৰিল৷ দুয়োজনে আত্মহত্যা কৰাৰ ভয়ত দুয়োটা পৰিয়ালে তত নপোৱা হ’ল৷ তেওঁলোকক বুজাবলৈ বহুত চেষ্টা কৰাৰ পাছতো একো ফল নধৰাত উপায়হীন পৰিয়াল দুটাই শেষত বিয়াৰ অনুমতি প্ৰদান কৰিলে৷ বিয়াৰ অনুমতি লাভ কৰাৰ পাছত এতিয়া এই ব্যতিক্ৰম যুটিটোৰ আনন্দৰ সীমা নাই৷

অতি শীঘ্ৰে ইণ্ডোনেচিয়াৰ এই অন্ধ প্ৰেমিক-প্ৰেমিকাৰ বিয়া সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হ’ব৷ ৭১ বছৰীয়া বৃদ্ধা আৰু ১৬ বছৰীয়া কিশোৰৰ মাজৰ বিয়াখন খাবলৈ সুযোগ পালে আপুনিও নযোৱাকৈ নাথাকিব৷