গুৱাহাটীঃ 'লান্স' হ'লগৈ 'লন্স'। প্ৰচাৰ লাভৰ তাড়নাত অসমৰ এগৰাকী সাংসদে খোৱাৰ পাতৰ পৰাই আপডেট দিলে ফেচবুকত। ফটোখন সংসদ ভৱনৰ কেন্টিনত বিজেপিৰ  সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ ৰামেশ্বৰ তেলী আৰু শান্তিয়াছ কুজুৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা মুহূৰ্তৰ।

সাংসদ শান্তিয়াছ কুজুৰে ফেচবুকত পোষ্ট কৰা এই ফটোখনে জনপ্ৰিয়তা লভিছে সচাঁ, কিন্তু ফটোখনৰ লগত দিয়া আপডেটটোৱে এতিয়া বিপদত  পেলাইছে বিজেপিৰ সাংসদজনক । ফেচবুকত জনপ্ৰিয়তাৰ বাবে দিয়া ফটোখনৰ আপডেটত খৰখেদাতে 'Lunch' হ'লগৈ 'Launched'।

সমৰ্থক, অনুৰাগীসকলেও লগে লগে লাইক, কমেণ্টেৰে ওপচাই পেলালে ফটোখন। লাইক, কমেণ্টৰ ভিৰৰ মাজতে একাংশ সুক্ষ্মদৃষ্টিসম্পন্ন লোকৰ চকুত ধৰা পৰিল 'লান্স'-'লন্স' বিভ্ৰাট। সাংসদজনৰ 'লান্স'-'লন্স' বিভ্ৰাটৰ উক্ত ফেচবুক পোষ্টটোৱে এতিয়া ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা।