ডিজিটেল ডেক্সঃ বেমাৰ হৈছে নে নাই হোৱা সেই বিষয়ে জানিবলৈ আপুনি সহায় লয় চিকিৎসকৰ৷ কিন্তু এতিয়া বেমাৰ হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই৷ 

এক বিশেষ মেচিনে ক’ব আপোনাৰ বেমাৰৰ কথা৷  আপোনাৰ শৰীৰৰ গোন্ধতেই উক্ত মেচিনটোৱে দিব বেমাৰ হোৱাৰ সংকেত৷ 

ম’বাইল ফোনৰ ছিম কাৰ্ডৰ দৰেই আকৃতিৰ এই মেচিনটো৷ উক্ত মেচিনটোৰ চেঞ্চৰত ধাতু আৰু সোণৰ আৱৰণেৰে চিলিকন চিপ সংলগ্ন কৰা আছে৷

এই চেঞ্চৰৰ সহায়তে মেচিনে দিব বেমাৰৰ উপস্থিতিৰ উমান৷ মুঠতে আপুনি ক’ব পাৰে যে এই মেচিনটোক বৈদ্যুতিক নাক বুলি ক’লেও ভুল কোৱা নহ’ব৷